- গোলকগঞ্জত বতৰৰ তাণ্ডৱ।
- বজ্ৰপাতত স্কুলীয়া ছাত্ৰসহ ৬জন আহত, এজনৰ অৱস্থা সংকটজনক।
- গোলকগঞ্জত আজি বুধবাৰে দুপৰীয়া হোৱা প্ৰবল ধুমুহা আৰু বৰষুণৰ মাজতে বিভিন্ন স্থানত বজ্ৰপাতৰ ঘটনাত কমেও ৬জন লোক আহত হয়।
- আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
- বজ্ৰপাতত গোলকগঞ্জৰ বালাবাৰীৰ গোপাল বৰ্মন (২৪) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়।
- স্থানীয় ৰাইজে ততাতৈয়াকৈ তেওঁক গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।
- আনহাতে, গোলকগঞ্জৰ লক্ষীমাৰী হাইস্কুলৰ খেলপথাৰত বজ্ৰপাত পৰাত দশম শ্ৰেণীৰ তিনিজন ছাত্ৰ আহত হয়।
- আহত ছাত্ৰকেইজন হৈছে মেহদী হাছান, চাহিল আহমেদ আৰু বিশ্বজিত বৰ্মন।
- তেওঁলোকক গোলকগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
- ইফালে, গোলকগঞ্জৰ দক্ষিণ ৰায়পুৰত বজ্ৰপাতত ছালেহা বিবি (৫৫) নামৰ এগৰাকী মহিলা আহত হয়।
- লগতে লক্ষীমাৰীৰ সুখীয়া বিবি (৩৫) নামৰ আন এগৰাকী মহিলাও বজ্ৰপাতত আহত হয়।
