Wednesday, June 3, 2026
Homeঅসমজে ই ই এডভান্সডত তিনিচুকীয়াৰ ধ্ৰুৱজিৎ শইকীয়াৰ সাফল্য

জে ই ই এডভান্সডত তিনিচুকীয়াৰ ধ্ৰুৱজিৎ শইকীয়াৰ সাফল্য

সদ্য ঘোষিত জে ই ই (JEE) এডভান্সড পৰীক্ষাত সাফল্য লাভ কৰি তিনিচুকীয়াৰ দিহিঙীয়া গাঁও (বিমল নগৰ ছ’চাইটি)ৰ বাসিন্দা ধ্ৰুৱজিৎ শইকীয়াই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ৰুবুল শইকীয়া আৰু প্ৰিয়ঙ্কা শইকীয়াৰ পুত্ৰ ধ্ৰুৱজিৎ শইকীয়াই দেশৰ অন্যতম কঠিন আৰু প্ৰতিযোগিতামূলক এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে সৰ্বভাৰতীয় ভিত্তিত ৭০১ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, এইবাৰৰ জে ই ই এডভান্সড পৰীক্ষাত দেশজুৰি প্ৰায় ১৪ হাজাৰ শিক্ষাৰ্থীয়ে উত্তীৰ্ণতা লাভ কৰিছে। সেইসকলৰ মাজত ধ্ৰুৱজিৎৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য বুলি শিক্ষামহলে মত প্ৰকাশ কৰিছে।
ধ্ৰুৱজিৎৰ এই কৃতিত্বই পৰিয়াল, আত্মীয়-স্বজন, শিক্ষক-শিক্ষয়িত্ৰী তথা সমগ্ৰ তিনিচুকীয়াবাসীৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীয়ে তেওঁক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক সফলতা লাভ কৰাৰ কামনা ব্যক্ত কৰিছে।
সমান্তৰালকৈ সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা সঁজাতি দল ধ্ৰুৱজিৎৰ গৃহলৈ গৈ সম্বৰ্ধনা জনাই।
ধ্ৰুৱজিৎৰ এই সাফল্যই জিলাখনৰ শিক্ষাৰ্থীসকলকো অনুপ্ৰাণিত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments