Saturday, June 13, 2026
Homeঅসমডুমডুমা চামডাং বাইপাছত এম্বুলেন্সত খুন্দা তীব্ৰ বেগত অহা বলেৰ' বাহনৰ, ২জনৰ অৱস্থা...

ডুমডুমা চামডাং বাইপাছত এম্বুলেন্সত খুন্দা তীব্ৰ বেগত অহা বলেৰ’ বাহনৰ, ২জনৰ অৱস্থা সংকটজনক

ডুমডুমা তিনিচুকীয়া সংযোগী বাইপাছত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা‌ । আজি চামডাং বাইপাছত তীব্ৰ বেগত অহা এখন বলেৰ’ বাহনে চিকিৎসালয়লৈ গৈ থকা এখন এম্বুলেন্সত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুইগৰাকীকৈ ব্যক্তি ।

AS 01 RC 5579 নম্বৰৰ এম্বুলেন্সখনে খুবাং চাহ বাগিচাৰ পৰা মাকুম মেডিকেল কলেজলৈ ৰোগী নি থকাৰ অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা AS 01 DG 2445 নম্বৰৰ বলেৰ’ বাহনখনে খুন্দা মাৰে । দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা দুইগৰাকী ৰোগী গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত মাকুম মেডিকেল কলেজলৈ নিয়া বুলি জানিব পৰা গৈছে । ইতিমধ্যে বলেৰ’খনৰ চালকক আটক কৰিছে ডুমডুমা আৰক্ষীয়ে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments