পুৱাই সামাজিক মাধ্যম জোকাৰি যোৱা এটা ডাঙৰ খবৰ। সামাজিক মাধ্যম আৰু নেটিজেনৰ মাজত এই খবৰক লৈ হৈছে সৰৱ চৰ্চা। জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ ‘কেকে’ খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই দেওবাৰে পুৱাই সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে এক ডাঙৰ খবৰ।
সামাজিক মাধ্যম ফেচবুকত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই এক প’ষ্টযোগে কৰিছে ডাঙৰ ঘোষণা। ‘কেকে’ৰ এই ঘোষণাই এইবাৰ কেৱল চলচ্চিত্ৰ বা মনোৰঞ্জন জগতেই নহয়, জোকাৰি গৈছে অসমৰ ৰাজনৈতিক মহলক।
জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যম ফেচবুকত এক প’ষ্টযোগে জনাইছে যে তেওঁ চলিত বৰ্ষৰ অহা ২৪ জুলাই তাৰিখে ৰাজনীতিত যোগদান কৰিব। তেওঁৰ এই নতুন ৰাজনৈতিক যাত্ৰাত সকলোকে লগত থাকিবলৈও জনাইছে আহ্বান।অভিনেতা সিদ্ধাৰ্থ শৰ্মাই ৰাইজৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈয়ে এই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি প্ৰকাশ কৰিছে সামাজিক মাধ্যমত।
কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কোন ৰাজনৈতিক দলত যোগদান কৰিব বা কেনেদৰে ৰাজনীতিৰ সৈতে জড়িত হ’ব সেই বিষয়ে এইপৰ্যন্ত বিশদভাৱে প্ৰকাশ কৰা নাই।জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যম ফেচবুকত এক প’ষ্টত লিখিছে, “ৰাইজৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ অহা ইংৰাজী ২৪ জুলাই তাৰিখে মই ৰাজনীতিত যোগ দিম। মোৰ লগত সকলো থাকিব লাগিব 🙏🏽, “জয় আই অসম”, “ভাৰত মাতাৰ জয়”, #JusticeForZubeenGarg”।
অৱশ্যে অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ এই ঘোষণা ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ অভিনয় কৰিবলগীয়া নতুন নাটকৰহে প্ৰচাৰ বুলি মতপ্ৰকাশ কৰিছে অধিকাংশ নেটিজেনে। তেওঁৰ ফেচবুক প’ষ্টৰ মন্তব্যত খেনোৱে লিখিছে, “হেঙুল থিয়েটাৰৰ মঞ্চত দেখা পাম বুলি আশা কৰিলো K K দা”, “শুভেচ্ছা থাকিল দাদা,,,থিয়েটাৰ হেঙুলত দেখা পাম”, “দলটোৰ নাম হেঙুল নিশ্চয়?”, “হেঙুলৰ জড়িয়তে ভ্ৰাম্যমানৰ যাত্ৰালৈ ওলগ জনালোঁ”, “থিয়েটাৰ ৰাজনীতি”, “থিয়েটাৰৰ আখৰা আৰম্ভ হব”। খেনোৱে আকৌ লিখিছে, “যদি সঁচায়ে হয় তেন্তে ভুল সিদ্ধান্ত”, “জনপ্ৰিয়তা কমিব । এইদৰেই থাকক নহ’লে !”, “সচাকৈয়ে কৈছে যদি এইটো এটা ভুল সিদ্ধান্ত হ’ব। শুভেচ্ছা থাকিল। যিয়েই নকৰক অভিনয় কৰি থাকিব।”, “ৰাজনীতিলৈ গ’লে ভাল নালাগিব দাদা ইয়াতেই থকাটো বিচাৰিছোঁ।”, “শিল্পী শিল্পী হৈয়ে থাকক দাদা । শ্ৰদ্ধাৰে অনুৰোধহে।”, “স্থান এৰিলে মান হেৰায়”
