আজি ১৪ জুনৰ বাবে ৰাজ্যৰ ২৪খন জিলাত জাৰি কৰা হৈছে Yellow Alert। দেওবাৰৰ দিনটোৰ বাবে বতৰৰ সতৰ্কতা জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।দেওবাৰে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা।
একেদৰে, ওদালগুৰি, দৰং, কামৰূপ, কামৰূপ মেট্ৰ’, নলবাৰী, তামুলপুৰ, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা আৰু চিৰাং জিলাতো জাৰি কৰা হৈছে Yellow Alert।Yellow Alert জাৰি কৰা জিলাসমূহৰ দুই-এঠাইত বিজুলী-গাজনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে।
