ইং ০৬ জুন তাৰিখে বীৰ ৰাঘব মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ বৰআলি গাঁও নিবাসী শ্ৰীমান ৰিংকু জ্যোতি নেওগে (পিতাঃ বিজয় নেওগ) কলেজৰ পৰা ছেমিষ্টাৰ পৰীক্ষা দি মটৰ চাইকেলেৰে আহি থকা অৱস্থাত আবেলি ৪:৩০ মান বজাত কাকপথাৰ আৰ্মী কেম্পৰ সমীপত এজন অচিনাকী ব্যক্তিয়ে মটৰ চাইকেলত লিফ্ট বিচাৰে। পৰৱৰ্তী সময়ত ব্যক্তিজনে নিজকে সংযুক্ত মুক্তি বাহিনীৰ অসম (আলফা)ৰ সদস্য বুলি পৰিচয় দাঙি ধৰি বাইকত তীব্ৰ বেগেৰে ডিৰাক চাৰিআলি হৈ পাৱৈ, ২নং ডিৰাক কাষৰ হাবি গাঁও নামৰ ঠাইত বাইক খন ৰখাই ল’ৰাজনক নমাই বাইকখন লৈ ( AS23AL8770 Pulsar NS160) গুছি যায়।
এই ঘটনাৰ পিছতে ছাত্ৰজনে কাকপথাৰ থানাত এজাহাৰ প্ৰদান কৰিছে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই ৷
