গোৰেশ্বৰৰ গাছবাৰীত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু ৰাজস্থানৰ এগৰাকী কিশোৰী।
মৃত্যু কিশোৰীগৰাকী ৰাজস্থানৰ ভৰতপুৰ জিলাৰ এগলেৰা গাঁৱৰ ১২ বছৰীয়া গৌৰা চৌধুৰী।
গাছবাৰীত মোমায়েকৰ ঘৰত ফুৰিবলৈ আহি মৃত্যুক সাৱটি লয় ৰাজস্থানৰ গৌৰা চৌধুৰীয়ে।
ৰাজস্থানৰ ৰাজু চৌধুৰীৰ একমাত্ৰ কন্যা গৌৰাই মাতৃ মণি চৌধুৰীৰ সৈতে কেইবাদিন পূৰ্বে আহিছিল গাছবাৰীৰ পূবপাৰলোক্ৰা গাঁৱৰ মোমায়েকৰ ঘৰত।
এপষেক পূৰ্বে মোমায়েকৰ ঘৰত ফুৰিবলৈ অহা গৌৰাই ওচৰৰ এটি পুখুৰীত এগৰাকী সমনীয়াৰ সৈতে গা ধুবলৈ নামিছিল পানীত।
পুখুৰীত নমাৰ পিছত সাতুৰিব নজনা কিশোৰীগৰাকী পানীত বুৰ যায় । পিছত গাঁৱৰ লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চাংসাৰিৰ এইমছত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।এই শোকাবহ ঘটনাই পূৱ পাৰলোক্ৰা গাঁৱত শোকৰ ছাঁ পেলায়।
