Sunday, June 21, 2026
Homeঅসমখোবাং চাহ বাগিছাত চুলাইৰ বিৰুদ্ধে ATTSA ৰ চূড়ান্ত সকীয়নি

খোবাং চাহ বাগিছাত চুলাইৰ বিৰুদ্ধে ATTSA ৰ চূড়ান্ত সকীয়নি

আজি খোবাং চাহ বাগিছাৰ লাইনে লাইনে আট্‌ছা (ATTSA) তালাপ শাখা আৰু খোবাং গাখীৰভেটী উপশাখাৰ উদ্যোগত চুলাই বিৰোধী অভিযান চলোৱা হয়। ঘৰে ঘৰে সোমাই যিসকলে অবৈধ চুলাই মদ বিক্ৰী কৰে, তেওঁলোকক শেষ সকীয়নি দিয়া হ’ল৷ এতিয়াৰ পৰা বাগিছাত এটোপালো চুলাই বিক্ৰী হ’বলৈ দিয়া নহব৷
আট্‌ছাই বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো তিনিচুকীয়া তথা ডুমডুমা circle আবকাৰী বিভাগে চকু মুদি আছে। খোবাং বাগিছাত প্ৰতিটো লাইনত দিন-দুপৰতে চুলাইৰ ভাটী চলে, চুলাই খাই শ্ৰমিকৰ ঘৰ ধ্বংস হৈছে, ল’ৰা-ছোৱালীৰ পঢ়া-শুনা নষ্ট, সমাজিক পৰিৱেশ বিনষ্ট হৈছে, কাজিয়া-মাৰপিট নিত্য ঘটনা হৈ পৰিছে। কমবয়সীয়া যুৱকসকল মৰিব লগিয়া হৈছে যাৰ ফলত কম বয়সতে মহিলাবোৰে বিধুৱা, লৰাছোৱালী সমূহ মাউৰা হৈছে৷

* দাবী:*
1. 7 দিনৰ ভিতৰত খোবাং বাগিছাৰ প্ৰতিটো লাইনত আবকাৰী বিভাগে Raid চলাব লাগিব।
2. চুলাই বিক্ৰী কৰা দোকানী আৰু ভাটীৰ মালিকক গ্ৰেপ্তাৰ কৰিব লাগিব।
3. বাগিছাত স্থায়ী আবকাৰী চকী পাতি দিব লাগিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments