অসমৰ গৌৰৱ তথা বিশ্বখ্যাত এশিঙীয়া গঁড়ক কাঠেৰে ক্ষুদ্ৰ আকৃতিত নিখুঁতভাৱে নিৰ্মাণ কৰি নগাঁৱৰ এগৰাকী স্থানীয় শিল্পীয়ে দৃষ্টি আকৰ্ষণ কৰিছে। নিজৰ সৃজনশীলতা আৰু কাৰু-কাৰ্যৰ দক্ষতাৰে শিল্পীগৰাকীয়ে কাঠৰ টুকুৰাৰ পৰা এশিঙীয়া গঁড়ৰ এক মনোমোহা প্ৰতিকৃতি তৈয়াৰ কৰি সকলোকে মুগ্ধ কৰি তুলিছে ।
শিল্পীগৰাকীৰ এই ব্যতিক্ৰমী সৃষ্টিত গঁড়ৰ শৰীৰৰ গঠন, খৰ্গ আৰু অন্যান্য বৈশিষ্ট্যসমূহ অতি সূক্ষ্মভাৱে ফুটাই তুলিছে ।তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা হাতেৰে নিৰ্মিত এই শিল্পকৰ্ম কৰি আহিছে,এনে ব্যতিক্ৰমী চিন্তাধাৰাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা শিল্পীগৰাকীৰ নাম দীপক লাল কাহাৰ । ঘৰ নগাঁও চহৰৰ মিলনপুৰত । নগঞা শিল্পী দীপকলাল কাহাৰে নিজৰ এই ব্যতিক্ৰমী সৃষ্টিশীলতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে।শিল্পীগৰাকীয়ে কয়,“মই কাঠেৰে নিৰ্মাণ কৰা এশিঙীয়া গঁড়টোৱেই পৃথিৱীৰ আটাইতকৈ সৰু গঁড় ।
আমাৰ অসমৰ এশিঙীয়া গঁড় বিশ্ব বিখ্যাত । সেয়ে মই আটাইতকৈ ক্ষুদ্ৰ আকৃতিত যদি গঁড় নিৰ্মাণ কৰিব পাৰোঁ, তেন্তে হয়তো এয়াও এক অভিলেখ হ’ব বুলি সংবাদ মহলক জানিবলৈ দিয়ে।
