Monday, June 29, 2026
Homeঅসমগ্ৰীণ অস্কাৰ বিজয়ী ড০ পূৰ্ণিমা দেৱী বৰ্মনৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

গ্ৰীণ অস্কাৰ বিজয়ী ড০ পূৰ্ণিমা দেৱী বৰ্মনৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

‘মন কী বাত’ত অসমৰ ‘হাড়গিলা আৰ্মী’ৰ প্ৰসংগ। প্ৰকৃতিপ্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনক শলাগিলে মোদীয়ে। হাড়গিলা চৰাই সংৰক্ষণৰ বাবে বৰ্মনক প্ৰশংসা। হাড়গিলা চৰাই অশুভ বুলি অন্ধবিশ্বাস চলি আছিল। অন্ধবিশ্বাস দূৰ কৰি হাড়গিলাৰ সংৰক্ষণৰ সজাগতাক শলাগ প্রধানমন্ত্ৰী মোদীৰ। মোদীয়ে কয়, ‘‘হাড়গিলা আজি অসমৰ এখন গাঁৱৰ পৰিচয়।’’ পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে জড়িত মহিলাসকলকো প্ৰশংসা মোদীৰ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এটা সময় আছিল, যেতিয়া অসমৰ কিছুমান অঞ্চলত এই চৰাইটোক অশুভ বুলি গণ্য কৰা হৈছিল, কিন্তু মানুহৰ চিন্তা-চৰ্চা সলনি কৰাৰ প্ৰচেষ্টাই আজি ইয়াক গাঁৱৰ পৰিচয় হিচাপে গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে হাড়গিলা এবিধ অতি বিৰল পক্ষী, যিয়ে প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পাছতো দীৰ্ঘদিন ধৰি মানুহৰ মনত চৰাইটোক লৈ ভুল ধাৰণা আছিল। মানুহে এই চৰাইটোক নিজৰ আশে-পাশে দেখাটো পচন্দ কৰা নাছিল। আনকি যিবোৰ গছত হাড়গিলা চৰায়ে বাহ সাজিছিল, সেইবোৰ গছো কাটি পেলোৱা হৈছিল।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সেই সময়ছোৱাতে জীৱ-বিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে এই পৰিস্থিতি প্ৰত্যক্ষ কৰে আৰু মানুহৰ মানসিকতা সলনি কৰাৰ সংকল্প লয়।

পূৰ্ণিমা দেৱীয়ে প্ৰথমে মহিলাসকলৰ সৈতে কথা পাতে আৰু বৈজ্ঞানিক তথ্যৰ ভিত্তিত মানুহক বুজাই দিলে যে হাড়গিলা পৰিৱেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ। লাহে লাহে মহিলাসকল এই অভিযানৰ সৈতে জড়িত হৈ পৰিল আৰু তাৰ পাছত এক ডাঙৰ পৰিৱৰ্তন দেখা গ’ল। যিটো চৰাইক এসময়ত অশুভ বুলি গণ্য কৰি গাঁৱৰ পৰা খেদি পঠোৱা হৈছিল, সেই একেটা চৰায়েই আজি বহু গাঁৱৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments