Monday, June 29, 2026
Homeঅসমপাহাৰ খহি বন্ধ হৈ আছে গাই নদীৰ পানী

পাহাৰ খহি বন্ধ হৈ আছে গাই নদীৰ পানী

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ মাটি খহি গাই নদী ভেটি ধৰাৰ ফলত অসমত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে। জলবোমা সদৃশ হৈ পৰিছে গাই নদীত সৃষ্টি হোৱা কৃত্রিম হ্রদ।
গাই নদীত সৃষ্টি হোৱা কৃত্রিম বান্ধটো ভাগিলেই হ’ব পাৰে প্ৰলয়। আবদ্ধ পানী বাগৰিলেই আহিব প্রবল ধল। গাইনদীৰ প্ৰলয়ৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে নৈপৰীয়া ৰাইজ।
লিকাবালি চেকপোষ্টৰ ওপৰৰ চিজি ব্লক পইণ্টত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। যাৰ ফলত ছিজি অৰ্থাৎ গাই নদীৰ গতিপথ ৰুদ্ধ হৈ পৰিছে। গাই নদী ৰুদ্ধ হৈ পৰাত প্ৰশাসনে জাৰি কৰিছে হাই এলার্ট।
বিশেষকৈ লিকাবালি, চিজি নদী বা গাই নদীৰ পাৰৰ গাঁওসমূহলৈ সতর্কবাণী জাৰি কৰা হৈছে। অসমৰ নামনি অঞ্চলৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্রশাসনে। নৈপৰীয়া ৰাইজক নদীৰ কাষৰ পৰা আঁতৰি থকাৰ আহ্বান
নদীৰ পানী হঠাত বৃদ্ধি পালে, অস্বাভাৱিক শব্দ হ’লে কর্তৃপক্ষক জনাবলৈ অনুৰোধ জনোৱা হৈছে। জনসাধাৰণক সম্পূৰ্ণ সতর্ক হৈ থাকিবলৈ জৰুৰী আহ্বান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments