অসম প্ৰশাসনিক সেৱাৰ ১৯৯৯ বৰ্ষৰ বিষয়া কৰবী শইকীয়া কৰণ, সোমবাৰে দিনৰ ১ বজত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। বিশ্বনাথত যোগদান কৰাৰ পূৰ্বে তেওঁ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অসম অসামৰিক সেৱাৰ ২০০৪ বৰ্ষৰ বিষয়া লক্ষীনন্দন চহৰীয়া, বঙাইগাঁও জিলালৈ বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত কৰবী শইকীয়া কৰণ, জিলা আয়ুক্ত গৰাকী আজি দায়িত্বভাৰ গ্ৰহণ কৰে।
আজি বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে নতুন জিলা আয়ুক্ত গৰাকীক আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনায়।
