Tuesday, July 28, 2026
Homeঅসমবোকাজানত বিশাল প্ৰতিবাদী সমদল

বোকাজানত বিশাল প্ৰতিবাদী সমদল

‘কাৰ্বি আংলং উইমেন(women) জাষ্টিচ ফ’ৰাম’ৰ উদ্যোগত আজি পুৱা ১০:০০ বজাত বাহিৰ কৰা হয় এই যৌথ প্ৰতিবাদী সমদল ।

প্ৰতিবাদকাৰীসকলে জিলাখনত সংঘটিত হোৱা বিভিন্ন ধৰণৰ অপৰাধ ৰোধ কৰাৰ লগতে বিভিন্ন দাবী সম্বলিত কৰি মহকুমাধিপতিক এখন স্মাৰকপত্ৰও প্ৰদান কৰে।

অংশগ্ৰহণকাৰীসকলে হাতত বিভিন্ন সজাগতামূলক আৰু প্ৰতিবাদী শ্লোগান সম্বলিত বেনাৰ-প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

“যৌন নিৰ্যাতন বন্ধ কৰক আৰু ভুক্তভোগীক অতি সোনকালে ন্যায় প্ৰদান কৰক।”

“কাৰ্বি আংলঙৰ যুৱ প্ৰজন্মক ৰক্ষা কৰকআদি শ্ল-গানেৰে আকাশ বতাহ কঁপাই তোলে।

আজিৰ এই প্ৰতিবাদী সমদলত WOMEN JUSTICE FORUM কাৰ্বি আংলং জিলা সমিতিৰ লগতে বোকাজানৰ স্থানীয় ৰাইজ,বিভিন্ন ঠাইৰ মহিলা, আৰু কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি
কাৰ্যসূচীটো সফল কৰি তোলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments