Tuesday, July 28, 2026
Homeৰাষ্ট্ৰীয়সোনম ৰঘুবংশীৰ জামিন বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

সোনম ৰঘুবংশীৰ জামিন বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

সোনম ৰঘুবংশীৰ জামিন বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। শ্বিলঙৰ আদালতে দিয়া জামিনৰ আদেশ বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। মেঘালয়ত হানিমুনলৈ আহি স্বামীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোনমৰ জামিন মঞ্জুৰ কৰিছিল শ্বিলঙৰ আদালতে। সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মেঘালয় চৰকাৰ। কিন্তু হাই ক’ৰ্টে সেই ৰায়ে বাহাল ৰাখিলে।

মেঘালয় আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিছিল সোনম ৰঘুবংশীয়ে। আদালতত সঠিকভাৱে গ্ৰেপ্তাৰৰ কাৰণ জনোৱা নাছিল আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ চেকলিষ্ট, মেমো, কেছ ডায়েৰী আদি নথিত কৰিছিল গুৰুতৰ ভুল। BNSৰ ১০৩ ধাৰাৰ সলনি আৰক্ষীয়ে ভুলকৈ উল্লেখ কৰিছিল ৪০৩(১) ধাৰা। অভিযুক্তক ১০৩(১) ধাৰাত গ্ৰেপ্তাৰৰ কোনো নথিতে স্পষ্টকৈ উল্লেখ নাছিল।এনে ভুলক টাইপিং ভুল বুলি নামি ল’ব নোৱাৰি বুলি মন্তব্য আদালতৰ। এনে গুৰুত্বপূৰ্ণ গোচৰত আৰক্ষীৰ ত্ৰুটি গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য কৰে আদালতে। যাৰ বাবে হাই ক’ৰ্টে সোনমৰ জামিনৰ আদেশ বাহাল ৰাখে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৩ মে’ত মেঘালয়ত হত্যাৰ বলি হৈছিল ইন্দোৰৰ ৰাজা ৰঘুবংশী। ২ জুনত খাৱৈত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ। পত্নীৰ সৈতে মেঘালয়ত হনীমুনলৈ আহিছিল ৰাজা ৰংঘুবংশী। হানিমুনলৈ আহি হত্যাৰ বলি হৈছিল ৰাজা ৰঘুবংশী।বিগত বৰ্ষৰ ৯ জুনত সোনম ৰঘুবংশীক উত্তৰপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। মেঘালয় আৰক্ষীয়ে উত্তৰপ্ৰদেশ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল সোনমক। সোনম আৰু প্রেমিক ৰাজ আৰু আন ৩জনৰ সৈতে ৰাজাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত সোনমকে ধৰি মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments