ৰাজ্যজুৰি অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগে কঠোৰ অভিযান অব্যাহত ৰাখিছে। সেই ধাৰাবাহিকতা ৰক্ষাৰে এইবাৰ মাজুলী বন বিভাগে গড়মূৰ অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়।
# বন বিভাগৰ তথ্য অনুসৰি, পাপৰি বৰাৰ নামত পঞ্জীয়নভুক্ত মিলটো পূৰ্বে বৈধ অনুমতিৰে চলি আছিল যদিও বিগত প্ৰায় ছয় মাহ ধৰি প্ৰয়োজনীয় নবীকৰণ নকৰাকৈ মিলটো চলাই অহাৰ অভিযোগ উত্থাপিত হয়। সেই অভিযোগৰ ভিত্তিত বন বিভাগে অনুসন্ধান চলাই মিলটো জব্দ কৰে আৰু গড়মূৰ আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায়।
# উল্লেখ্য যে, বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যজুৰি অবৈধ কাঠ ফলা মিল আৰু অবৈধ কাঠ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বন বিষয়ালৈ নিৰ্দেশনা জাৰি কৰাৰ পাছতেই মাজুলী বন বিভাগে এই বিশেষ অভিযান আৰম্ভ কৰিছে।
# ইফালে, বন বিভাগে জানিবলৈ দিয়া মতে, মাজুলীৰ চৰাঞ্চলৰ লগতে জিলাখনৰ অন্যান্য স্থানতো অবৈধ কাঠ সৰবৰাহ আৰু অনুমতিবিহীন কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰা হ’ব। আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে এনে অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি বন বিভাগে স্পষ্ট কৰি দিছে।
