সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি এদিনীয়া বণাঠ্য কাৰ্যসূচীৰে উদযাপন কৰে ৩০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। সমান্তৰালভাৱে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। চাপৰৰ চৈবাৰীস্থিত আছাৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ আছাৰ কৰ্মকৰ্তা, সদস্য, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৰ পতাকা উত্তোলন, স্মৃতিচাৰণ আৰু সংগঠনৰ আদৰ্শ-উদ্দেশ্যক আগবঢ়াই নিয়াৰ সংকল্প গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছাৰ কেন্দ্ৰীয় সভাপতি ৰেজোন হৰো, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিধায়ক জীৱেশ ৰায়ৰ লগতে বহু গণ্য-মান্য ব্যক্তি।
প্ৰতিষ্ঠা দিৱসৰ দিনা বিধায়ক জীৱেশ ৰায়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পুজিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা আছাৰ ধুবুৰী জিলাৰ কাৰ্যালয় শুভ উদ্বোধন কৰে। ইপিনে প্ৰতিষ্ঠা দিৱসৰ দিনা আছাৰ সভাপতি ৰেজোন হৰো উল্লেখ কৰে যে অহা ৬ জুলাইৰ পৰা আছাই জনজাতিকৰণ, শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূৰ্চী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে।
