Tuesday, July 28, 2026
Homeঅসমৰাজ্যৰ ১০ জিলাত হ’ব পাৰে প্ৰবল বৰষুণ

ৰাজ্যৰ ১০ জিলাত হ’ব পাৰে প্ৰবল বৰষুণ

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যৰ ১০খনকৈ জিলাত বৰষুণ প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, মাজুলী আৰু কাৰ্বি আংলং জিলা Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট জিলাত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, দৰং, হোজাই, কাৰ্বি আংলং জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণিসহ ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুই এঠাইত প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments