Tuesday, July 28, 2026
Homeঅসমঅৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য বৃদ্ধি

অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য বৃদ্ধি

– জলসিঞ্চনৰ বাবে উচ্চ চাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্কৰ ব্যৱস্থা হ’ব।
– ৫ বছৰত ৩,০০০ কোটিৰ পৰা ৪,০০০ কোটিৰ বিনিয়োগেৰে উচ্চাকাংক্ষী জলসিঞ্চন সম্প্ৰসাৰণৰ কাৰ্যসূচীৰ প্ৰস্তাৱ।
– উপযুক্ত জলসিঞ্চন আৰ্হি, বিবেচনাধীন প্ৰকল্প আৰু বিত্তীয় বিকল্প চিনাক্ত কৰি ব্যাপক পৰিকল্পনাৰ বাবে ২০০ কোটি টকা ধাৰ্য।
– নাবাৰ্ডৰ পৰা ১০০ কোটি টকাৰ সাহায্যৰে উচ্চ মূল্যৰ ৰপ্তানিযোগ্য শস্যৰ বাবে জৈৱিক প্ৰমাণীকৰণ আৰু ৰপ্তানিকাৰীসকললৈ পৰিবহণ সাহায্য প্ৰদানকাৰ্য সৰল কৰি তোলা হ’ব। ইয়াৰ বাবে গুৱাহাটীত এয়াৰ কাৰ্গ’ সুবিধা শক্তিশালী কৰা হ’ব।
– কৃষি যান্ত্ৰিকীকৰণ, মূল্য সংযোজন, শস্য চপোৱাৰ পিছৰ আন্তঃগাঁথনি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ আৰম্ভ।
– চলিত বৰ্ষত প্ৰতিটো FPO/FPCক ৩ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।
– চাহৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে অৰ্থডক্স আৰু বিশেষ চাহৰ শ্ৰেণীত ‘মাটচা চাহ’কো অন্তৰ্ভুক্ত কৰা হ’ব।
– অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য প্ৰতিকেজিত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰা হ’ব।
– চিটিচি চাহৰ বাবে প্ৰতি কেজিত ৩ টকাকৈ এক নতুন ৰাজসাহায্য প্ৰৱৰ্তন কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments