Tuesday, July 28, 2026
Homeঅসমউমৰাংছু, হাফলং আৰু মানসত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰস্তাৱ

উমৰাংছু, হাফলং আৰু মানসত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰস্তাৱ

কৃষকসকলৰ বাবে ‘অসম কৃষি উন্নয়ন অভিযান’ আৰম্ভ কৰাৰ সিদ্ধান্ত

– ২৬খন জিলালৈ সম্প্ৰসাৰণ কৰা হ’ব গজ মিত্ৰ ২.০ আঁচনি।
– অহা ৫ বছৰত প্ৰতিখন গাঁও পঞ্চায়তত ১ কিলোমিটাৰকৈ পকী গ্ৰাম্য পথ নিৰ্মাণৰ লক্ষ্য।
– ভাৰত-বাংলাদেশ আৰু ভাৰত-ভূটান সীমান্তৰ কাষৰীয়া অঞ্চলত ‘সীমান্ত হাট’ স্থাপনৰ লক্ষ্য।
– প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগলৈ ২৪,৫৩০ টকা আবণ্টন।
– কৃষকসকলৰ বাবে ‘অসম কৃষি উন্নয়ন অভিযান’ আৰম্ভ কৰাৰ সিদ্ধান্ত।
– গাঁও পঞ্চায়তসমূহত ‘প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ’ স্থাপনৰ লক্ষ্য। ইয়াৰ বাবে ১৭৮৯ কোটি টকা আবণ্টন।
– পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ ৭৩১ কোটি টকা আবণ্টন।
– ভাৰত-বাংলাদেশ আৰু ভাৰত-ভূটান সীমান্তৱৰ্তী ৯খন জিলাৰ ১৪০খন গাঁৱত ‘ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচী-২’ ৰূপায়ণ কৰা হ’ব।

নতুন ৰূপত খেল মহাৰণ ৩.০ আৰম্ভ কৰাৰ প্ৰস্তাৱ

– ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলৰ ৰাজধানী চহৰত নিভাঁজ থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী ব্যক্তিসকলক উৎসাহিত কৰাৰ প্ৰস্তাৱ।
– ‘অসম চাহ আৰু গ’ল্ফ ট্ৰেইল’ৰ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ।
– নতুন ৰূপত খেল মহাৰণ ৩.০ আৰম্ভ কৰাৰ প্ৰস্তাৱ।
– অসমীয়া চিনেমা, সাহিত্য, লোক সংগীত, তথ্যচিত্ৰ আৰু অন্যান্য সাংস্কৃতিক সম্পদসমূহৰ সংৰক্ষণ, প্ৰসাৰ আৰু বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে বিশেষ অ’টিটি প্লেটফৰ্ম ৰূপায়ণ কৰা হ’ব।
– দৃশ্যকলাৰ বাবে অসম ললিত কলা একাডেমী স্থাপনৰ পদক্ষেপ গ্ৰহণ।
– ৰবীন্দ্ৰ ভৱনক পুনৰুজ্জীৱিত কৰা হ’ব। শীঘ্ৰে পুনৰ মুকলি হ’ব ৰবীন্দ্ৰ ভৱন।
– ‘হস্তীবিদ্যাৰ্ণৱ’ আৰু ‘কাঠি-বান চেং’ পাণ্ডুলিপিসমূহক ২০২৭ৰ পৰা ২০২৯ চনৰ ভিতৰত ইউনেস্ক’ৰ ‘বিশ্ব স্মৃতি পঞ্জী’ত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য।
– বনাঞ্চলত আকাশমাৰ্গেৰে বীজ সিঁচা প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে।

গুৱাহাটীৰ ওপৰেৰে যোৱা বৈদ্যুতিক তাঁৰৰ নেটৱৰ্ক ভূগৰ্ভস্থ কেবললৈ স্থানান্তৰৰ বাবে ২৫০০ কোটি

– গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, দৰং, বাক্সা, কোকৰাঝাৰ, নগাঁও আৰু বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ প্ৰধান অঞ্চলসমূহত পাইপলাইনযুক্ত প্ৰাকৃতিক গেছৰ নেটৱৰ্ক গঢ়াৰ ব্যৱস্থা।
– গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু শিলচৰত পাঁচটা কমপ্ৰেছড বায়’ গেছ প্ৰকল্প স্থাপন পৰিকল্পনা।
– গুৱাহাটীৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, সৌন্দৰ্যবৰ্ধন আৰু সুৰক্ষাৰ বাবে ওপৰেৰে যোৱা বিদ্যুৎ নেটৱৰ্ক পৰ্যায়ক্ৰমে ভূগৰ্ভস্থ কেবললৈ স্থানান্তৰৰ বাবে ২৫০০ কোটি টকাৰ প্ৰকল্প ঘোষণা।
– গুৱাহাটী ৰিং ৰোডৰ ওপৰেৰে বা কাষেৰে এটা মেট্ৰ’ ব্যৱস্থা সংযোজনৰ সম্ভাৱনীয়তা সন্দৰ্ভত অধ্যয়নৰ কাম হাতত ল’ব।
– জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা (JICA)ৰ সৈতে অংশীদাৰিত্বৰে ১,১৬৪ কোটি টকা ব্যয়েৰে ৫ বছৰৰ বাবে ‘অসম ছেমিকণ্ডাক্টৰ ইক’চিষ্টেম অন মেনুফেকচাৰিং এণ্ড ইনভেশ্যন’ প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ।
– এৰ’স্পেচ যন্ত্ৰাংশ উৎপাদন খণ্ডৰ উন্নয়ন ক্ষিপ্ৰ কৰিবলৈ ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০০ কোটি টকা ধাৰ্য।

ঢকুৱাখনাত ৮.৪৪ কোটি টকা ব্যয়েৰে এখন মুগা ৰেচম পৰ্যটন উদ্যোগ

কৃষিজাত সামগ্ৰীৰ প্ৰসাৰক লৈ বাজেটত গুৰুত্বপূৰ্ণ ঘোষণা :
– জি আই শ্ৰেণীত অধিক সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰিব চৰকাৰে।
– ১২,০০০ হেক্টৰ ভূমি জৈৱিক প্ৰমাণীকৰণৰ অধীনলৈ অনাৰ পৰিকল্পনা।
– অসমক সোণালী মুগাৰ গোলকীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৪০০ কোটি টকাৰ বিনিয়োগেৰে মিছন চেনেহজৰী নামৰ তিনি বছৰীয়া পদক্ষেপ আৰম্ভ।
– ঢকুৱাখনাত ৮.৪৪ কোটি টকা ব্যয়েৰে এখন মুগা ৰেচম পৰ্যটন উদ্যোগ আৰু ধেমাজিত ১০ কোটি টকা ব্যয়েৰে এটা মুগা স্পান মিল স্থাপন কৰা হ’ব।

উমৰাংছু, হাফলং আৰু মানসত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰস্তাৱ

– পৰ্যটন ক্ষেত্ৰত বাজেটত গুৰুত্ব। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত অসমক দেশৰ শীৰ্ষ ১০খন ৰাজ্যলৈ উন্নীত কৰাৰ লক্ষ্য।
– কেন্দ্ৰীয়ভাৱে পঞ্জীয়নভুক্ত হোমষ্টেসমূহে ৩০ শতাংশ মূলধনী ৰেহাই আৰু ২ শতাংশ সুত ৰেহাই পাব।
– হোমষ্টে পৰিচালকসকলক প্ৰযুক্তিগত সহায়ো প্ৰদান কৰা হ’ব।
– উমৰাংছু, হাফলং আৰু মানসত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰস্তাৱ। যোগ্য প্ৰকল্পসমূহে ৩০ শতাংশ মূলধনী ৰেহাইৰ লগতে বৰ্তমান প্ৰচলিত নিয়ম অনুসৰি ৰাজ্যিক জিএছটি ঘূৰাই পোৱাৰ লগতে সুত ৰেহাই পাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments