– কৰ্মচাৰীৰ কল্যাণৰ বাবে অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন।
– ‘আপোন ঘৰ’ আঁচনিৰ ম্যাদ ৫ বছৰৰ বাবে সম্প্ৰসাৰণৰ প্ৰস্তাৱ। নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা ৫০ লাখ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।
– ‘আপোন বাহন’ আঁচনিও ৫ বছৰৰ বাবে সম্প্ৰসাৰণৰ প্ৰস্তাৱ।
– বিদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য ৪ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ।
– বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ বাবে থকা মটৰ গাড়ী কৰ ৰেহাইৰ সুবিধা।
– দৰমহাসহ মাতৃত্বকালীন ছুটীৰ সুবিধা চৰকাৰী ছ’চাইটী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীলৈ সম্প্ৰসাৰিত কৰা হ’ব।
– চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুসপ্তাহৰ পিতৃত্বকালীন ছুটি প্ৰদানৰ প্ৰস্তাৱ।
– ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ ৫০ শতাংশ সুবিধা প্ৰদানৰ প্ৰস্তাৱ।
– ‘স্বাগত সতীৰ্ণ’ প’ৰ্টেল বছৰত দুবাৰকৈ মুকলি কৰা হ’ব।
