ৰাজ্যৰ ২৩খন জিলাত আহিব ধাৰাসাৰ বৰষুণ। জিলাকেইখনত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে।বৃহস্পতিবাৰৰ দিনটোৰ বাবে ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।২৩খন জিলাত আহিব ধাৰাসাৰ বৰষুণ। জিলাকেইখনত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে। ইতিমধ্যে এই জিলাকেইখনত ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।
আজি নিশাৰ বাবে দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বাক্সা, বজালী, বৰপেটা, নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰং, কামৰূপ, কামৰূপ মেত্ৰ’, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে। ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাসমূহত প্ৰবল বৃষ্টিপাতৰ লগতে দুই-এঠাইত বিজুলী-ঢেৰেকনি হোৱাৰো সম্ভাৱনা আছে।
