Tuesday, July 28, 2026
Homeৰাষ্ট্ৰীয়ৰথযাত্রাৰ ভিৰত পদপিষ্টসদৃশ পৰিস্থিতিত এজন ভক্তৰ কৰুণ মৃত্যু

ৰথযাত্রাৰ ভিৰত পদপিষ্টসদৃশ পৰিস্থিতিত এজন ভক্তৰ কৰুণ মৃত্যু

পুৰীৰ ৰথযাত্ৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পদপিষ্টসদৃশ ঘটনাত গুৰুতৰভাৱে আহত ১২০গৰাকী ভক্ত। সংকটজনক অৱস্থাত ১২০গৰাকী ভক্তক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাত কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী ভক্তই। ৰথযাত্ৰাৰ বাবে পুৰীত হৈছে অগণন ভক্তৰ ভিৰ। তাৰ মাজতেই গ্ৰেণ্ড ৰোডত পদপিষ্টৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।

অত্যধিক ভিৰ আৰু হেঁচা-ঠেলাৰ ফলত বহু ভক্ত অসুস্থ হৈ পৰে। ইয়াৰে ভিতৰত প্ৰায় ১২০গৰাকী ভক্তই শ্বাস-প্ৰশ্বাসত কষ্ট পাইছে আৰু শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে। চিকিৎসকৰ এটা দলে আহত আৰু অসুস্থসকলৰ চিকিৎসা কৰি আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments