Tuesday, July 28, 2026
Homeঅসমডুমডুমাৰ চামদাং বাইপাছত শোকাৱহ পথ দুৰ্ঘটনা

ডুমডুমাৰ চামদাং বাইপাছত শোকাৱহ পথ দুৰ্ঘটনা

ডুমডুমা,ৰূপম বৰুৱা : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামদাং বাইপাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহীৰ থিতাতে মৃত্যু হয়। নিহত যুৱকজন ফিল’বাৰী অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে যদিও তেওঁৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই।
দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ পঞ্জীয়ন নম্বৰ AS23AK0372।
খবৰ পাই ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পিছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত ঘটনাটো কেৱল পথ দুৰ্ঘটনা নে ইয়াৰ আঁৰত আন কোনো ৰহস্য আছে, সেই বিষয়ে অধিক স্পষ্ট তথ্য পোৱা যাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments