ভাৰ্গৱ ৰাজবংশী: বনৰীয়া হাতী – মানুহৰ সংঘাতৰে জৰ্জৰিত গোৱালপাৰা জিলাত আৰু অধিক তীব্ৰ ৰূপ ধাৰণ কৰিছে।যি সংঘাত আজিও অপৰিবৰ্তীত অৱস্হাত আছে। ইয়াৰ মাজতে আজি আবেলি সংঘটিত হয় বন্যহস্তীয়ে আক্ৰমণ কৰাৰ ঘটনা।প্ৰাপ্ত তথ্য মতে জিলাৰ আগিয়া বালিজানাৰ পৰা শ্বিলঙলৈ ML 05 S 7716 নম্বৰৰ স্কুটীৰে জহাৰ চিং আৰ মাৰাক আৰু পত্নীয়ে গৈ থকা অৱস্হাত ৰংজুলি বনাঞ্চলিক কাৰ্যালয় তথা ধূপধৰা থানাৰ অন্তৰ্গত দেওশিলা সংৰক্ষিত বনাঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত শালনিৰ পৰা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ওলাই আহি মাৰাকক শালনিৰ ভিতৰলৈ নি গচকি নিহত কৰে।পিচত ঘটনাস্হলীত আৰক্ষী ,বন বিভাগৰ লোক উপস্হিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰি মৃতদেহ মৰণোত্তৰৰ বাবে প্ৰেৰণ কৰা হয়। এই ঘটনাই সমগ্ৰ জিলাতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে শোকৰ ছা পেলাইছে। উল্লেখ্য পূৰ্বৰে পৰা কি জনাঞ্চল,কি বনাঞ্চল অথবা ৰাস্তা – পদূলি সকলোতে কেৱল বনৰীয়া হাতীৰ উপদ্ৰবৰ ঘটনা পাৰ হৈ যোৱা সময়বোৰত । তাৰ মাজতে ১৪ জুলাইতো পুৱাৰ ভাগতে বনৰীয়া হাতীৰ ৪ জনীয়া জাকে পৃথকে পৃথকে আতংকৰ সৃষ্টি কৰিছিল
