- বৰপেটাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান
- তাৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা
- পুনৰ তিনিটা চাইবাৰ অপৰাধীক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ তাৰাবাৰী আৰক্ষীৰ
- জব্দ বিলাসী বাহন, ১৬ খন এটিএম কাৰ্ড, ১৮ টা মোবাইল ফোন
তফিকুৰ ৰহমান, সৰ্থেবাৰী, ২০ জুলাইঃ বৰপেটা জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। জিলাখনৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰু তৎপৰতাত আৰক্ষী অধিক কঠোৰ হৈ পৰিছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে। এই অভিযানৰ অংশ হিচাপে তাৰাবাৰী আৰক্ষীয়েও চলাইছিল চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান। জিলাখনৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে পুনৰ তিনিটাকৈ কুখ্যাত চাইবাৰ অপৰাধী।বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নিৰ্দেশনাত আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত এটি আৰক্ষীৰ দলে শনিবাৰে নিশা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গুৱাহাটীৰ বিভিন্ন স্থানত চলাইছিল অভিযান। তাৰাবাৰী আৰক্ষীয়ে ৰৌমাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা কুখ্যাত চাইবাৰ অপৰাধী তাহেৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীৰ বিভিন্ন ঠাইত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলাইছিল অভিযান। তাহেৰ আলীক তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চাইবাৰ অপৰাধীৰ ভয়ংকৰ জালৰ কথা পোহৰলৈ আহিছে। ধৃত তাহেৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত তাৰাবাৰী আৰক্ষীয়ে গুৱাহাটীৰ ভিন্ন প্ৰান্তত চলোৱা অভিযানত পুনৰ তিনিটাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গুৱাহাটী আৰক্ষীৰ সহযোগত আটক কৰে তাৰাবাৰী আৰক্ষীয়ে। তাৰাবাৰী আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰা চাইবাৰ অপৰাধী কেইটা গুৱাহাটীৰ সিজুবাৰী নটবমাৰ মহৰ আলীৰ পুত্ৰ আমিৰুল আলী (১৯), বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বালিধাৰী চৰৰ প্ৰয়াত ফুলচান আলীৰ পুত্ৰ মাইনুদ্দিন (২৭) আৰু কামৰূপৰ বকোৰ ২ নং দক্ষিণ ৰঙাপানীৰ জালাল উদ্দিনৰ পুত্ৰ পৰাণ আলী(২১) বুলি জানিব পৰা গৈছে। ধৃত চাইবাৰ অপৰাধী কেইটাৰ পৰা ১৬ খন এটিএম কাৰ্ড, ১৮ টা মোবাইল ফোন, বিভিন্ন আপত্তিজনক নথি-পত্ৰৰ লগতে দুখনকৈ বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে। ধৃত চাইবাৰ অপৰাধীৰ কেইটাৰ পৰা ডব্লিউ বি- ০২ একিউ- ১০৫১ নম্বৰৰ অ’ডি বাহন এখন আৰু এএচ-০১জিকে-৩১৯৪ নম্বৰৰ এখন হুণ্ডাই ভেনু বাহন জব্দ কৰিছে আৰক্ষীয়ে। চাইবাৰ অপৰাধী কেইটাৰ বিৰুদ্ধে তাৰাবাৰী থানাত ৪৭/২০২৬ নম্বৰত গোচৰ আৰু বিএনএচ আইনৰ ৩১৮(৪)/ ৩৩৬(৩)/৬১(২) আৰ/ডব্লিউ ধাৰা “আই টি এক্ট-২০০০” আইনৰ ৬৬চি আৰু ৬৬ ডি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। যোৱানিশা তাৰাবাৰী থানাত উপস্থিত হৈ চাইবাৰ অপৰাধী কেইটাক জেৰা চলায় জিলাখনৰ জ্যেষ্ঠ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। আৰক্ষীৰ জেৰাত কেইবাটাও বিস্ফোৰক তথ্য উদঘাটন হোৱা বুলি জানিব পৰা গৈছে। ধৃত তাহেৰ আলীসহ একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা আন তিনি অভিযুক্তই বিভিন্ন লোকৰ নামত অজস্ৰ বেংক একাউণ্ট ব্যৱহাৰ কৰি সেই একাউণ্টসমূহত চাইবাৰ অপৰাধৰ টকা জমা কৰিছিল। উল্লেখ্য যে আটাইকেইটা অপৰাধীৰ মোবাইল ফোনত কেইবাটাও চাইনিজ বেটিং এপৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ৰৌমাৰী গাঁৱৰ ধৃত তাহেৰ আলী পেছাত এগৰাকী দৰ্জী যদিও চাইবাৰ অপৰাধতো জৰিত হৈ পৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে।চাইবাৰ চক্ৰটোৰ স’তে বৰপেটা জিলাৰ বহু কেইজন লোক জৰিত থকাৰ উমান লাভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে জিলাখনৰ জ্যেষ্ঠ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা সমীৰণ বৈশ্যই বৰপেটা জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) হিচাপে যোগদান কৰাৰ পাছৰ পৰাই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হৈছিল। বিগত তিনিমাহত বৰপেটাত ২৭ টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। জিলাখনৰ বৰপেটা ৰোড, হাউলী, তাৰাবাৰী , কলগাছিয়া থানাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে। বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চাইবাৰ অপৰাধী চক্ৰটোক পুলিয়ে পোখাই উভালি পেলাবলৈ অভিযান তীব্ৰতৰ কৰিছে বৰপেটা আৰক্ষীয়ে।
