মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিধায়ক অখিল গগৈয়ে কিছুসময়ৰ বাবে একেলগে বন্যাৰ্ত ৰাইজৰ সমস্যাৰ বুজ লৈছিল। ধেমেলীয়াকৈয়ে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে।
মন্ত্ৰী বৰগোঁহায়ে অখিল গগৈক উদ্দেশ্যি প্ৰথমে কয় যে, ইয়াৰ ঘৰ মৰিয়নীত। বেচেৰাটো ইয়ালৈ আহি গোটেই মানুহখনক ধ্বংস কৰিলে। এনেকুৱা এটা কোফা মানুহ শিৱসাগৰত আহিলে…। মন্ত্ৰীগৰাকীয়ে এনেকৈ কৈ থকাৰ মাজতে অখিল গগৈয়েও প্ৰত্যুত্তৰ দি কয় যে, তই কোফা মন্ত্ৰী হোৱাৰ বাবেই আজি এই অৱস্থা হৈছে…।
ইয়াৰ পাছতে পুনৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে ৰাইজক উদ্দেশ্যি কয় যে, – আপোনালোকে বুজা নাই। ই মানে ধ্বংস কৰিহে এৰিব। ই প্ৰথমেতে পইচা কৰ পৰা ললে জানেনে নাই! বৃহত নদীবান্ধৰ পৰা ই পালে প্ৰায় ১২কোটি টকা। দৈয়াঙৰ মানুহখিনি উঠাম বুলিও ই পইচা ল’লে।
মন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ এনেদৰে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি যোৱাৰ মাজতে অখিল গগৈয়ে মাত লগালে। সুশান্ত বৰগোহাঁইক উভতি ধৰি ক’লে- তই মুখ্যমন্ত্ৰীৰ সৈতে গাড়ীত উঠিয়েই কি কথা পাতিছিলি। তই এইবাৰ মথাউৰি বান্ধিছে যিহেতু, মাল আহিব বুলি কৈছিলি নে নাই ক।
এনেতে পুনৰ হাঁহি হাঁহি অখিল গগৈক সুশান্ত বৰগোহাঁয়ে কয় যে, – চবে ৰেকৰ্ডিং কৰি আছে। এইবাৰ তই ফচিলি।‘ মন্ত্ৰীগৰাকীৰ কথা শুনি অখিল গগৈয়ে ফটো তুলিবলৈ অহা এজনক কয় যে, উঠা আমি দোস্ত হয়। এইবোৰ একো নাই। এইবুলি কৈ মন্ত্ৰীগৰাকীৰ কান্ধত হাত দিয়ে অখিল গগৈয়ে।
ইমানখিনি কোৱাৰ পাছতো মন্ত্ৰী সুশান্ত বৰগোহাঁই থমকি নৰ’ল। অখিল গগৈয়ে কান্ধত হাত থি থাকোতেই পুনৰ তেওঁ কয়, ইয়াৰ কথাৰ শেষত সদায় চাবি পইচা। পইচাৰ বাহিৰে একো চিনি নাপায় ই পৃথিৱীত। পৃথিৱীখনত ই চিনি পোৱা বস্তু এটাই আছে, সেয়া হ’ল পইচা।
এনেকৈয়ে ধেমালি ধেমালিকৈ দুয়োগৰাকী নেতাৰ মাজত কথাৰ কটাকটি অব্যাহত থাকে।
