Tuesday, July 28, 2026
Homeঅসমবান পৰিস্থিতিৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি

বান পৰিস্থিতিৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি

ৰাজ্যত বান পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। মুষলধাৰ বৰষুণে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতি। ৰাজ্যজুৰি এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।আজিৰ দিনটোৰ বাবে ৰাজ্যৰ ৩১খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল’ এলাৰ্ট। আৰু দুখন জিলাত জাৰি কৰিলে অৰেঞ্জ এলাৰ্ট।

বুধবাৰৰ দিনটোৰ বাবে দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, গোৱালপাৰা, কামৰূপ, নলবাৰী, কামৰূপ মেট্ৰ’, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ আৰু হাইলাকান্দি জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট।ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট, লখিমপুৰ, মাজুলী, ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলাতো। ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ দুই-এঠাইত প্ৰবলৰ পৰা অতিপ্ৰবল বৰষুণৰ সম্ভাৱনা আছে। লগতে দুই-এঠাইত বিজুলী-ঢেৰেকনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে।

অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলা দুখন হৈছে তিনিচুকীয়া আৰু ওদালগুৰি জিলা। এই দুখন জিলাতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments