বান পৰিস্থিতিৰ মোকাবিলা আৰু চলি থকা উদ্ধাৰ-সাহায্য কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
‘‘অসমত এটা দুৰ্যোগসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। নাগালেণ্ডত হোৱা অভাৱনীয় পৰিৱেশৰ বাবে ৩ জিলা বানৰ গ্ৰাসত পৰিছে। ১৮ আৰু ২০ জুলাইৰ মাজত অসম, মণিপুৰ আৰু মেঘালয়ত যথেষ্ট বৰষুণ হয়। কিন্তু নাগালেণ্ডত সাধাৰণ বৰষুণতকৈ ১৮১ শতাংশ অধিক বৰষুণ হয়। ৱাখা আৰু মন জিলাই ৪৫ শতাংশ বেছি বৰষুণ পায়। চৰাইদেউত গড় হিচাপত ৪৩৬ শতাংশ বেছি বৰষুণ হৈছিল। শিৱসাগৰত ১৩৪ শতাংশ বেছি বৰষুণ হয়। মোককচুং, ৱাখা আৰু মন জিলায়ো একেসময়তে যথেষ্ট বৰষুণ ল’বলগীয়া হয়। ইয়াৰ ফলতে আমি এটা ভাবিব নোৱৰা পৰিৱেশৰ সন্মুখীন হওঁ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও বৃদ্ধি পায়। সকলো উপ-নৈৰ পৰা পানী আহিল ব্ৰহ্মপুত্ৰলৈ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানী ওলাই যাব পৰা নাছিল ব্ৰহ্মপুত্ৰলৈ।’’
‘‘চৰাইদেউত ৪টা ৰাজহ চক্ৰ সংকটত পৰিছে। ১০জনৰ মৃত্যু হৈছে। এজন নিৰুদ্দেশ হৈ আছে। শিৱসাগৰ জিলাত ৫টা ৰাজহ চক্ৰ বানত ডুবিছে। ২১গৰাকী লোকৰ মৃত্যু হয়। নিৰুদ্দেশ হৈ আছে ৬গৰাকী লোক। এই বছৰত ৭৭টা ৰাজহ চক্ৰ বানত ডুবিছে। ৪৭গৰাকী লোকৰ মৃত্যু হৈছে। যোৰহাটত মৃত্যু হৈছে ৮গৰাকী লোকৰ। সমগ্ৰ অসমত ৮জন লোক সন্ধানহীন। চৰাইদেউ জিলাৰ প্ৰতিটো অঞ্চললৈ সাহায্য পঠিয়াব পৰা হৈছে। কিন্তু নাজিৰাৰ ৩০ শতাংশ অঞ্চললৈ কোনো যাব পৰা নাই। এই মানুহবোৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে। শিৱসাগৰ সমষ্টিত ২০ শতাংশ মানু্হৰ মাজলৈ যাব পৰা নাই। মাহমৰা, সোণাৰি, ডিমৌৰ প্ৰায় অঞ্চলত প্ৰশাসন যাব পাৰিছে। পৰিস্থিতি এতিয়াও জটিল হৈ আছে। কেশৱ মহন্ত আজি নিশা পুনৰ শিৱসাগৰলৈ যাব। গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা বান সাহায্য প্ৰেৰণ কৰা হৈছে। কাষৰীয়া বিভিন্ন জিলাৰ পৰা টুলুঙা নাও অনা হৈছে। এয়াৰ ড্ৰ’পিং কৰাত বস্তুবিলাক ফাটি যায়। আজি কথা পাতিম কেনেকৈ বস্তুবিলাক নফটাকৈ দিব পাৰি।’
‘‘২৫ তাৰিখে কেন্দ্ৰৰ টীম আহিব। দুৰ্যোগ চলি থাকোঁতেই প্ৰেৰণ কৰিবলৈ আমি আহ্বান জনাইছিলোঁ। এই টীমটোৱে চাব ক্ষয়-ক্ষতি। বেমাৰ যাতে নহয় তাৰ ব্যৱস্থা কৰা হৈছে। টীম বনাই দিয়া হৈছে। ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ টীম সাজু আছে। পশুধনৰ যথেষ্ট ক্ষতি হৈছে। ফিচাৰীসমূহৰ ক্ষতি হৈছে। ল’ৰা-ছোৱালীৰ স্কুল কলেজৰ চাৰ্টিফিকেটবিলাক নষ্ট হৈছে। ৩ দিনৰ পাছত কৃষি মন্ত্ৰী, পশুপালন মন্ত্ৰী , স্বাস্থ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী দুয়োখন জিলালৈ যাব, লগতে যোৰহাট আৰু গোলাঘাটলৈও যাব। তেওঁলোকে চাব ক্ষয়-ক্ষতিবোৰ। বানৰ পাছতে স্কুল বা নষ্ট হোৱা অন্য সম্পত্তি মেৰামতি বা নিৰ্মাণ কৰা হ’ব। তাৰ মানুহবোৰক এতিয়া বেছি প্ৰয়োজন কাপোৰৰ। স্থানীয় বিধায়ক আটাইকেইজন ৰাইজৰ লগত লাগি আছে।’’
‘বহু ৰাইজৰ মাজত এতিয়াও চৰকাৰ গৈ পোৱা নাই, আমি স্বীকাৰ কৰিছোঁ। নাগালেণ্ডৰ নীপকোৰ পাৱাৰ প্ৰজেক্টৰ পানী কালিৰ পৰা এৰি দিয়াৰ পাছতো এই মুহূৰ্তলৈ গোলাঘাট বা সৰুপথাৰত পানী হোৱা নাই। আৰু দুদিন নীপকোই পানী খুলিব, গতিকে সাৱধানে থকা ভাল। অহা দুই-এদিনত মই পুনৰ যাম চৰাইদেউ বা শিৱসাগৰলৈ।’’
