Tuesday, July 28, 2026
Homeঅসম"কৰম নৃত্য আৰু মান্দল বজোৱা কৰ্মশালা"ৰ সামৰণি অনুষ্ঠান সফলভাৱে সম্পন্ন

“কৰম নৃত্য আৰু মান্দল বজোৱা কৰ্মশালা”ৰ সামৰণি অনুষ্ঠান সফলভাৱে সম্পন্ন

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা), ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু বামুনজুলি আঞ্চলিক সমিতি (আছা), সদৌ অসম আদিবাসী মহিলা সন্থা (আৱা) আৰু আদিবাসী জাতীয় গবেষণা পৰিষদ, অসমৰ সহযোগত আয়োজন কৰা *”কৰম নৃত্য আৰু মান্দল বজোৱা কৰ্মশালা”*ৰ সমাৰনী অনুষ্ঠান আজি বাদলাপাৰা চাহ বাগিছাৰ জগন্নাথ ভৱনত সাফল্যৰ সৈতে সম্পন্ন হয়।

১২ দিনীয়া এই কৰ্মশালাৰ মূল উদ্দেশ্য আছিল আদিবাসী সমাজৰ ঐতিহ্যবাহী কৰম নৃত্য, মান্দল বজোৱা কলা আৰু সাংস্কৃতিক পৰম্পৰাক নতুন প্ৰজন্মৰ মাজত সংৰক্ষণ, সংবদ্ধকৰণ আৰু প্ৰসাৰৰ বাবে এক সুদৃঢ় মঞ্চ সৃষ্টি কৰা। কৰ্মশালাত বহু সংখ্যক যুৱ-যুৱতী আৰু শিক্ষাৰ্থীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰি প্ৰশিক্ষকসকলৰ পৰা হাতে-কলমে প্ৰশিক্ষণ গ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments