শেহতীয়া ভয়াৱহ বান পৰিস্থিতিয়ে উজনি অসমত বিস্তৰ ক্ষতিসাধন কৰি জনজীৱন ব্যাহত কৰি তুলিছে। বানৰ এই কালৰূপৰ পৰা বাদ পৰা নাই ৰাজ্যৰ শিক্ষাক্ষেত্ৰখনো। বানৰ ফলত বহুতো ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া শৈক্ষিক সামগ্ৰী নষ্ট হোৱাৰ লগতে শিক্ষানুষ্ঠানসমূহৰো বিস্তৰ ক্ষতিসাধন হৈছে। এনে এক জটিল পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। চলিত বানত যিসকল ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি সম্পূৰ্ণৰূপে নষ্ট হৈছে বা হেৰাই গৈছে, তেওঁলোকৰ চলিত শিক্ষাবৰ্ষ যাতে কোনো কাৰণতে ব্যাহত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সম্পূৰ্ণ নতুন পাঠ্যপুথি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা সামাজিক মাধ্যমযোগে জনাইছে এনেদৰে, ‘‘ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে অসম চৰকাৰৰ সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। শেহতীয়া অসমৰ বানত যিসকল শিক্ষাৰ্থীৰ পাঠ্যপুথি নষ্ট হৈছে বা হেৰাই গৈছে, তেওঁলোকক চলিত শিক্ষাবৰ্ষ অব্যাহত ৰাখিবলৈ সম্পূৰ্ণ নতুন পাঠ্যপুথি প্ৰদান কৰা হ’ব।’’
আনহাতে, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, ৩০ জুলাইৰ পৰা উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। চৰকাৰে কেৱল পাঠ্যপুথি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি ক্ষতিগ্ৰস্ত সকলো শিক্ষাৰ্থীক চৰকাৰী ইউনিফৰ্মো পুনৰ যোগান ধৰিব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।
শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, উজনি অসমৰ কেৱল শিৱসাগৰ আৰু চৰাইদেউ জিলাতেই বানৰ ফলত প্ৰায় ডেৰ লাখ ছাত্ৰ-ছাত্ৰী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। বানত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবেও চৰকাৰে তৰিৎ ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠানৰ ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ চৰকাৰীভাৱে চৰজমিন তদন্ত আৰম্ভ কৰা হৈছে। এই তদন্তৰ পাছতে সকলো ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান শীঘ্ৰেই মেৰামতি কৰা হ’ব। চৰকাৰৰ এই সময়োচিত পদক্ষেপে বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক যথেষ্ঠ সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
