ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে বানপীড়িতসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ তথা সংবেদনশীল সিদ্ধান্ত গ্ৰহণ কৰিছে।মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ বিষয়া আৰু জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক মানসিক কষ্টৰ পৰা উপশম দিয়াত বিশেষ অগ্ৰাধিকাৰ দিয়া হয়।
মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে, বানত মৃত লোকসকলৰ পৰিয়ালসমূহে যাতে মৰণোত্তৰ পৰীক্ষা (পোষ্টম’ৰ্টেম)ৰ দৰে জটিল প্ৰক্ৰিয়াৰ বাবে অতিৰিক্ত মানসিক যন্ত্ৰণা পাবলগীয়া নহয়, তাৰ বাবে এই পৰীক্ষা নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই পদক্ষেপে শোকসন্তপ্ত পৰিয়ালসমূহক এক ডাঙৰ মানৱীয় সকাহ প্ৰদান কৰিব।ইয়াৰ উপৰি, চৰকাৰী এক্স-গ্ৰেচিয়া (ক্ষতিপূৰণ) সাহায্য মুকলি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অপ্ৰয়োজনীয় প্ৰশাসনিক বিলম্ব নকৰিবলৈ জিলা প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়া হৈছে।
চৰকাৰী নিয়ম-নীতিৰ মেৰপেঁচ আঁতৰাই যাতে শীঘ্ৰেই এই সাহায্য ভুক্তভোগী পৰিয়ালৰ হাতত পৰে, তাক নিশ্চিত কৰাৰ ওপৰত এই বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।
