অসমৰ বানপীড়িতৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ৰিলায়েঞ্চ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে নীতা আম্বানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ২১ কোটি টকা।
সম্প্ৰতি ৰাজ্যৰ বান প্রভাৱিত অঞ্চলত ৰিলায়েঞ্চ ফাউণ্ডেচনে আগবঢ়াই আছে মানৱ সেৱা। ৰিলায়েঞ্চ ফাউণ্ডেচনৰ কেইবাটাও দলে বানপীড়ত অঞ্চলত অক্লান্তভাৱে কাম কৰি বানপীড়িত ৰাইজক খাদ্য, জনস্বাস্থ্য সেৱা, জৰুৰীকালীন আশ্ৰয় আৰু পশুধনৰ যত্নৰ দৰে অত্যাৱশ্যকীয় সহায় আগবঢ়াই আছে।
ৰিলায়েঞ্চ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়োৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই লিখিছে, ‘‘ৰিলায়েঞ্চ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰীমতী নীতা আম্বানী ডাঙৰীয়ানীয়ে অসমৰ ৰাইজে কঠিন সময়ৰ সন্মুখীন হ’লেই সদায় আমাৰ ৰাজ্যবাসীৰ কাষত থিয় দি আহিছে।
