বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঙ আৰক্ষী চকীৰ অন্তৰ্গত বৰগাঙ কলেজৰড অঞ্চলৰ পৰা যোৱা ২৯ জুলাইৰ পৰা ৮০ বছৰীয়া আমিনুল হক নামৰ এজন বৃদ্ধ ব্যক্তি নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ মতে আমিনুল হক অলপ মানসিক ৰোগী। সেইদিনা ঘৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৰগাঙ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আজিলৈকে আমিনুল হকৰ কোনো সন্ধান উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে।
এতিয়া পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীও উদ্বিগ্ন হৈ পৰিছে। কোনোবাই যদি তেওঁক ক’ৰবাত দেখা পায়, তেন্তে তৎক্ষণাত বৰগাঙ আৰক্ষী চকী অথবা 9365371488
8453984282
8472899167 নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
