Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়তালিবানী সম্ৰাজ্যত প্ৰথম বাৰ চীনা ৰাষ্ট্ৰদূত

তালিবানী সম্ৰাজ্যত প্ৰথম বাৰ চীনা ৰাষ্ট্ৰদূত

ডিজিটেল ডেস্ক,১৪ ছেপ্তেপ্বৰ: ২০২১ চনত তালিবানে পুনৰ ক্ষমতা দখল কৰাৰ পিছত আফগানিস্তানত ৰাষ্ট্ৰদূত নিযুক্তি দিয়া প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে চীন।বুধবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত তালিবানৰ নেতাসকলে মিষ্টাৰ ঝাও চীনৰ ৰাষ্ট্ৰদূত হিচাপে অহাত উষ্ম আদৰণি জনায়। অনুষ্ঠানটিত উপস্থিত আছিল ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী মহম্মদ হাছান আখুন্দ আৰু ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী।

যোৱা মাহত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল মিষ্টাৰ ঋাও ।আফগানিস্তানৰ সৈতে চীনৰ সম্পৰ্ক স্থাপন কৰা মূল উদ্দেশ্য সমূহ এনেধৰণৰ আফগানিস্তানৰ প্ৰাকৃতিক সম্পদত বিনিয়োগ কৰিব বিচাৰে, যাৰ মূল্য ১ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত তাম, লিথিয়াম আৰু সোণৰ বিস্তৃত আৱৰ্জনা অন্যতম।

আফগানিস্তানৰ লগত অন্য দেশে সম্পৰ্ক স্থাপন নকৰা কাৰণ সমূহৰ ভিতৰত আফগানিস্তানত অসংখ্য মানৱ অধিকাৰ উলংঘা, ৰাজহুৱা ফাঁচী আৰু শিলগুটিৰে আঘাত কৰা আদি পথা, লগতে তালিবান শাসনৰ অধীনত মহিলাসকলক কাম কৰা, স্কুললৈ যোৱাত বাধা, আৰু বিশেষকৈ নাৰী অধিকাৰ দমন কৰাটো পৃথিৱীৰ আটাইতকৈ কঠোৰ কাৰ্য্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰে অন্যান্য ৰাষ্ট্ৰসমূহে ।

কিন্ত্ত এই সকলো কথা আওকাণ কৰি ২০২১ চনত তালিবান ক্ষমতালৈ ঘূৰি অহাৰ পিছত চীনে হৈছে প্ৰথমখন দেশ তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰা ।চীনৰ বৈদেশিক মন্ত্ৰালয়ে বুধবাৰে কয় যে বেইজিঙে আফগানিস্তানৰ সৈতে “আলোচনা আৰু সহযোগিতা অব্যাহত ৰাখিব” আৰু দেশখনৰ প্ৰতি তেওঁলোকৰ নীতি স্পষ্ট আৰু সামঞ্জস্যপূৰ্ণ।ইয়াত লগতে কোৱা হৈছে যে মিষ্টাৰ ঝাওৰ নিযুক্তি আফগানিস্তানত চীনৰ ৰাষ্ট্ৰদূতৰ “সাধাৰণ ঘূৰণীয়া”ৰ অংশ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments