আজি পুৱাই বানবিধ্বস্ত নেপালীখুঁটিত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা। বানেধোৱা নেপালীখুঁটিৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি জে পি নাড্ডাই কয়, ‘‘নেপালীখুঁটিত বিধ্বস্ত পৰিৱেশ দেখিলোঁ। প্ৰলংয়কৰী বানে অকল্পনীয় ক্ষতি কৰিলে। নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ লগত আছে।’’
নাড্ডাই কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ প্ৰেৰণ কৰিছে। যিমান ক্ষয়-ক্ষতি হ’ল, সুস্থিৰ হ’বলৈ কিছু সময় লাগিব। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ লগতে সকলো সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। কেনেকৈ কি কৰিব পাৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম।’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিলে – বানত নেপালীখুঁটিত যিমান গৰু মৰিল, সিমান গৰু আনি দিয়া হ’ব।
