উজনিৰ পিছত এইবাৰ ওদালগুৰিৰ ডিমাকুছিত কৃত্ৰিম বানত বুৰ গ’ল কেইবাটাও পৰিয়াল ।
দুদিন ধৰি ধাৰাসাৰ মুষলধাৰ বৰষুণৰ ফলত ডিমাকুছিৰ বগৰীতলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে।
গাঁৱৰ মাজেৰে বৈ যোৱা ডোংৰ পানী বাঢ়ি যোৱাৰ বাবে প্ৰায় ১৫ টাকৈ পৰিয়ালৰ ঘৰৰ ভিতৰ আৰু চোতালত সোমাই গৈছে পানী ।
বছৰ-বছৰ ধৰি প্ৰতি বাৰিষাতে ১০-১৫ দিন এনেদৰে কৃত্ৰিম বানত বুৰি থাকে অঞ্চলবাসী ।
বিগত সময়ত ৰজাঘৰীয়াক বাৰে-বাৰে আহ্বান জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নিদিলে।
বানত বুৰ গৈ থকা পৰিয়ালৰ ওচৰত ভেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো উপস্থিত হৈ অতি শীঘ্ৰে ৰাইজৰ সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে ।
