Thursday, August 6, 2026
Homeঅসমকেতিয়া খুলিব বানবিধ্বস্ত জিলাসমূহৰ বিদ্যালয়?

কেতিয়া খুলিব বানবিধ্বস্ত জিলাসমূহৰ বিদ্যালয়?

বানপীড়িত জিলাৰ বিদ্যালয়সমূহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। গৰমৰ বন্ধ খোলাৰ তাৰিখক লৈও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।বানপীড়িত চাৰি জিলাৰ বিদ্যালয়সমূহ ১০-১১ তাৰিখৰ পৰা খুলিব বুলি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰলয়ংকৰী বানৰ বাবে এই জিলাকেইখনত ১০ দিনৰ বাবে বৃদ্ধি কৰা হৈছিল গৰমৰ বন্ধ।

লগতে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ আৰ্থিক সাহায্য সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ২ লাখকৈ টকা প্ৰদান কৰা হ’ব।অধিক ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ২ লাখ টকাৰ উপৰি যিমান প্ৰয়োজন হয় সেইমতে ধন আগবঢ়াব ৰাজ্য চৰকাৰে। অৱশ্যে এনে বিদ্যালয় ১০খন মানহে ওলাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে বানবিধ্বস্ত জিলাসমূহত ১০ দিনৰ বাবে গৰমৰ বন্ধ বৃদ্ধি কৰা হৈছিল। ৰাজ্যৰ বাকী জিলাসমূহত ৩১ জুলাইলৈ আছিল গৰমৰ বন্ধ। সেই অনুসৰি ১১ তাৰিখৰ পৰা এই জিলাকেইখনৰ বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments