এতিয়াৰে পৰা স্নাতক সপ্তম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীয়েও ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ সুবিধা লাভ কৰিব। ‘নিযুত বাবু’ আঁচনিৰ অধীনত প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰসকলক সামৰি লোৱা হৈছে। স্নাতকৰ ছাত্ৰক ১,০০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰক ২,০০০ টকা প্ৰদান কৰা হ’ব।
২০২৪-২৫ শিক্ষাবৰ্ষত ১.৬০ লাখ ছাত্ৰীক ‘নিযুত মইনা’ আঁচনিৰ সুবিধা দিয়া হৈছিল। ২০২৫-২৬ বৰ্ষত এই সংখ্যা বৃদ্ধি পাই ৪ লাখলৈ উন্নীত হৈছে। চলিত বৰ্ষত ৭০ হাজাৰ ছাত্ৰক ‘নিযুত বাবু’ আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব।
ডিগ্ৰী অধ্যয়ন কৰি থকা অৱস্থাত বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে ‘নিযুত মইনা’ আঁচনিৰ সুবিধা লাভ নকৰিব। অৱশ্যে বিশ্ববিদ্যালয়ত বি.এড. অধ্যয়ন কৰি থকা বিবাহিত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা পাব। নিয়মীয়াকৈ শিক্ষানুষ্ঠানলৈ উপস্থিত থকা ছাত্ৰ-ছাত্ৰীয়েহে এই আঁচনি দুয়োটাৰ সুবিধা লাভ কৰিব। ইতিমধ্যে নামভৰ্তি সম্পূৰ্ণ কৰা হিতাধিকাৰীয়ে ১০ অক্টোবৰ তাৰিখে দুমাহৰ ধন একেলগে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
“এতিয়া বিশেষ বিষয়ত ‘বিশেষ’ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। সময়ৰ লগে লগে পৰিৱেশ সলনি হৈছে। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত শিক্ষাৰ্থীৰ সংখ্যা কমি অহাটো শুভ লক্ষণ নহয়। বিজ্ঞান শাখাত কৰ্মসংস্থাপনৰ সুযোগ অধিক। অচিৰেই ৰাজ্য চৰকাৰে ২ লাখ চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।”
উজনি অসমৰ বানপীড়িত অঞ্চলৰ বিদ্যালয় আৰু শিক্ষাৰ্থীৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ মুঠ ৭৯৩খন বানপীড়িত বিদ্যালয়লৈ ১৫.৮৬ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এছডিআৰএফ (SDRF)ৰ নীতি অনুসৰি প্ৰতিখন বিদ্যালয়ক ২ লাখ টকাকৈ অনুদান আগবঢ়োৱা হ’ব।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁচনি দুয়োটাৰ পৰিসৰ অধিক সম্প্ৰসাৰণ কৰাৰ লগতে বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীৰ বাবে একাধিক আৰ্থিক সাহায্যৰ ঘোষণা কৰে।
