জ্যেষ্ঠ সাংবাদিক মৃণাল মল্ল পাটোৱাৰীক নাজিম উদ্দিন আহমেদ সোঁৱৰণী ৰাজন্দিনী সংবাদ ৰত্ন বঁটা প্ৰদান
তফিকুৰ ৰহমান, সৰ্থেবাৰী, ৬ আগষ্টঃ সমগ্ৰ অসমতে বিশেষভাবে চৰ্চিত ভ্ৰাম্যমাণ যাত্ৰা নাট্যদল ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ নৱম বৰ্ষৰ শুভ নাট্যাৰাম্ভ অনুষ্ঠান বিস্তৃত কাৰ্যসূচীৰে কালি অনুষ্ঠিত হৈ যায়। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সৰ্থেবাৰীৰ স্থায়ী আখৰাগৃহত কালি পুৱা প্ৰথম কাৰ্যসূচী হিচাপে গোমূৰা সত্ৰৰ সত্ৰাধিকাৰ হেমকান্ত মহন্ত আতৈয়ে ধৰ্মধ্বজ উত্তোল কৰে। ধৰ্মধ্বজ উত্তোলন কৰি হেমকান্ত মহন্তই ভাষণ প্ৰদান কৰাৰ লগতে মাজুলীৰ পৰা অহা অভিনেতা তথা সাত্বিক ভকত অজয় হাজৰিকাইয়ো ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতেই ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পি জে প্ৰিন্সে নটৰাজৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰে। পুৱা ৯ বজাত লংকেশ্বৰ তালুকদাৰে ভাগৱত পাঠ কৰাৰ পিছত অচ্যুত মল্ল পাটোৱাৰী, দীনেশ ভূঞাৰ লগতে সংগীবৃন্দই নাম-প্ৰসঙ্গ কৰে। পুৱা ১১ বজাত অভিনয় শিল্পী অচ্যুত মল্ল পাটোৱাৰীয়ে শিবিৰ মুকলি কৰে। বিয়লি পাঁচ বজাত ফিটা কাটি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ মুকলি কৰে কৃষ্ণগুৰু আধ্যাত্মিক শিক্ষা পৰিষদৰ অধ্যক্ষ , নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ তথা লোক অধিবক্তা কুন্তলা পাটোৱাৰী গোস্বামীয়ে।

ইয়াৰ পিছতেই বৰপেটা জিলা সাহিত্য সভাৰ উপ সভাপতি বিশিষ্ট সমাজকৰ্মী বাণীকান্ত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। এই মুকলি সভাতে সৰ্থেবাৰীৰ সংবাদ ক্ষেত্ৰখনৰ মহীৰূহ স্বৰূপ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰীক নাজিম উদ্দিন আহমেদ সোৱঁৰণী ৰাজনন্দিনী সংবাদ ৰত্ন বঁটা প্ৰদান কৰা হয়। এগৰাকী সৰবৰহী সাংবাদিক তথা সাহিত্যিক অভিনেতা ভেল্লাৰ প্ৰথমগৰাকী সাংবাদিক প্ৰয়াত নাজিম উদ্দিন আহমেদৰ সোৱঁৰণত এই বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰাৰ লগতে আপ্লুত হৈ পৰা মৃণাল মল্ল পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰি জীৱনৰ বহু অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে নিজৰ অঞ্চলটোক সকলোৱে প্ৰাণ ভৰি ভাল পাব লাগে বুলি মন্তব্য প্ৰকাশ কৰে। সভাখনত প্ৰয়াত নাজিম উদ্দিন আহমেদৰ সুপুত্ৰ মৌচম আহমেদকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত আখৰা গৃহ মুকলি কৰা ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে ভাষণ প্ৰসংগত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ কাম- কাজ আৰু নাট্য সম্ভাৰক ভূয়সী প্ৰশংসা কৰাৰ লগতে নাটকৰ মাজেৰে সমাজ বান্ধোনৰ বাৰ্তা বহন কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে। একেদৰে নাটকৰ মাজেৰে আধ্যাত্মিক চিন্তাৰো উদ্ৰেক ঘটোৱা উচিত বুলিও মন্তব্য প্ৰকাশ কৰে ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস আৰু বজালী বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত বিধায়ক দীপক কুমাৰ দাসে নাট্য সাহিত্য আৰু যাত্ৰা নাট্যদলৰ বিষয়ে গভীৰ তথ্য সমৃদ্ধ বক্তৃতা প্ৰদান কৰে। একেদৰে সামাজিক চিন্তাৰ লগতে নাট্যদল সমূহৰ সমস্যাৰ বিষয়েও আলোকপাত কৰে।আনহাতে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰ আৰু প্ৰযোজক পি জে প্ৰিন্সৰ এই সাংস্কৃতিক যাত্ৰাকো প্ৰশংসা কৰে। সভাত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে একালৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ উচ্চ নাট্যধাৰাৰ বিষয়ে মন্তব্য কৰি সাম্প্ৰতিক সময়ত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে বহুত ভাল কাম কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰে। সভাত পিজে প্ৰিন্স ৰচিত অকৃতজ্ঞ অমানুহ আৰু অবিচাৰ, নৱ শৰ্মাৰ অভাগিনী নাটৰ পাণ্ডুলিপি মুকলি কৰে প্ৰাক্তন ছাত্ৰনেতা তথা সাংস্কৃতিক কৰ্মী প্ৰদীপ দাস আৰু বিধায়ক ধৰ্মেশ্বৰ ৰয়ে।পাণ্ডুলিপি মুকলি কৰি দিয়া ভাষণত প্ৰদীপ দাসে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ নাটক আৰু অভিনয় তথা পৰিবেশনশৈলী অতি উচ্চমানৰ আৰু আকৰ্ষণীয় বুলি মন্তব্য প্ৰকাশ কৰে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট সমাজসেৱক শ্বেখ পুতুল আলী আৰু সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ সভাপতি কবি সাহিত্যিক শিক্ষাবিদ পাৰ্বতী পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰে। ইপিনে এই অনুষ্ঠানতে কবি প্ৰীতিমণি ডেকা ভূঞাই এটি কবিতা পাঠ কৰে। বিশিষ্ট বেহেলাবাদক দুলাল বৈশ্যই এই অনুষ্ঠানত বেহেলা বাদন প্ৰদৰ্শন আৰু পৰেশ তালুকদাৰে তবলা সংগত কৰি অনুষ্ঠান জীপাল কৰি তোলে। অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে লোকশিল্পী কৰুণা তালুকদাৰে আৰু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ নৱম বৰ্ষ উপলক্ষ্যত ন গছি বন্তি প্ৰজ্বলন কৰে সৰ্থেবাৰী পাঁচখেল গঞাগয়ৰহৰ নৱ নিৰ্বাচিত মজুমদাৰ গিৰীশ ডেকা, বিৰিণা গোষ্ঠী অসমৰ সভাপতি জিয়াউৰ ৰহমান, সমাজকৰ্মী শ্বেখ পুতুল আলী, প্ৰাক্তন ছাত্ৰ নেতা তথা অধিবক্তা ধনী আলী, সৰ্থেবাৰী প্ৰেছ ক্লাবৰ সম্পাদক উজ্জ্বল ডেকা, সৰ্থেবাৰী পৌৰসভাৰ পৌৰপতি প্ৰেমদা তামুলী, সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পাৰ্বতী পাটোৱাৰী আৰু চিত্তৰঞ্জন বৰ্মনে। এই অনুষ্ঠানতে নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা সৰ্থেবাৰীৰ হিমন্ত বিশ্ব চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত বিৰিণা গোষ্ঠী-অসমৰ সম্পাদক বনজিৎ বৈশ্যকে ধৰি বিৰিণা গোষ্ঠী-অসমৰ কেইবাগৰাকী বিষয়ববীয়া,সাংবাদিক জয়ন্ত ডেকা, সুৰজিৎ পাঠক, চক্ৰেশ্বৰ ডেকা, গুণজিৎ চৌধুৰী, ইলুচনিষ্ট শুচিব্ৰত ৰয় আদিকে ধৰি দুই শতাধিক লোক উপস্থিত থাকে।
