ক্ষুদ্ৰ চাহ খেতিলৈ পুনৰ নামি আহিছে সংকট ।
ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেচাঁ চাহপাতত বিষাক্ত কীটনাশকৰ অত্যাধিক উপস্থিতি পোৱা বুলি একাংশ ফেক্টৰীয়ে দাবী কৰিছে ।
কিন্তু, ফেক্টৰী কৰ্তৃপক্ষৰ এই দাবীক ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সম্পূৰ্ণৰূপে মানি লব পৰা নাই ।
ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰিবলৈ একাংশ ফেক্টৰীৰ মালিকপক্ষৰ এইয়া এক চক্ৰান্ত বুলি সন্দেহ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।
এনে কেতবোৰ বিষয়ৰ ওপৰত তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ গাভৰুভেটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এক বিশেষ সভা অনুষ্ঠিত কৰা হয় ।
ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত ভাৰতীয় চাহ বোৰ্ড, একাংশ চাহ কলঘৰৰ স্বত্বাধিকাৰী তথা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উপস্থিতিত এই বিশেষ সভা অনুষ্ঠিত হয় ।
