ডুমডুমাৰ পৰা ৰূপম বৰুৱা ৰিপৰ্ট: আজি ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই সমষ্টিটোৰ অন্তৰ্গত তিনিটা নৱনিৰ্মিত পথ উদ্বোধন কৰে। ইয়াৰে দুটা দৈমূখীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু এটা টিপুক গাঁও পঞ্চায়তৰ অন্তৰ্গত।
ইয়াৰে দৈমূখীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰূপবন প্ৰাথমিক বিদ্যালয়ৰ পৰা বিছাকুপি ট্ৰলী লাইন হৈ ডুমডুমা – বাঘজান পথক সংযোগ কৰা ১.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত পথটোৰ উদ্বোধন কৰি বিধায়ক গোৱালাই এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত অঞ্চলটোৰ ৰাইজ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।
এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পথটো ফিটা কাটি বিধায়ক গোৱালাই উদ্বোধন কৰাৰ পূৰ্বে স্থানীয় বাসিন্দা তথা বিশিষ্ট সাংবাদিক অভিজিৎ খাটনিয়াৰে নাৰিকল ভাঙে। অনুষ্ঠানত ডুমডুমা আঞ্চলিক পঞ্চায়তৰ সভাপতি ভাৰত ভাজনী, দৈমূখীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী দ্বীপমালা কৰ্মকাৰ, কাউন্সিলাৰ বিকি তাঁতী, ৱাৰ্ড সদস্য ৰত্না মণ্ডল প্ৰমূখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে বিধায়ক গৰাকীয়ে দৈমূখীয়া চাহ বাগিচাৰ বজাৰৰ পৰা ১২ নং লাইনলৈ নতুনকৈ নিৰ্মাণ কৰা পথটিৰো শুভ উদ্বোধন কৰে। পাছত বিধায়ক গৰাকীয়ে টিপুক গাঁও পঞ্চায়তৰ অন্তৰ্গত টিপুক চাহ বাগিচাৰ ১০ নং লাইন তিনিআলিৰ পৰা নেপালী বস্তিলৈকে নতুনকৈ নিৰ্মাণ কৰা পথটিৰো শুভ উদ্বোধন কৰে।
