জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সমুখত আহি পৰিছে আন এক আইনী বিপদ। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছে। চৰকাৰী অধিবক্তাই দাখিল কৰা আবেদনৰ ভিত্তিত বিশেষ ফাষ্টট্ৰেক আদালতত গোচৰটো ৰুজু কৰা হয়।
আদালতৰ নিৰ্দেশ অমান্য কৰি খোলা হৈছিল ছীল কৰা ‘মহাবীৰ একুৱা’। উল্লেখযোগ্য যে ‘মহাবীৰ একুৱা’ৰ গৰাকী সিদ্ধাৰ্থ শৰ্মা। আদালতৰ নিৰ্দেশক অৱমাননা কৰাৰ অভিযোগৰ ভিত্তিত এতিয়া বিষয়টোৱে নতুন আইনী ৰূপ লাভ কৰিছে। ১৮ আগষ্টত বিশেষ ফাষ্টট্ৰেক আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব।
ইপিনে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্যদানৰ প্ৰক্ৰিয়াও গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। ছেপ্টেম্বৰ মাহৰ শেষভাগলৈ ছিংগাপুৰত বসবাস কৰা ১১গৰাকী প্ৰবাসী অসমীয়াই সাক্ষ্যদানৰ বাবে উপস্থিত হ’ব লাগিব। এই ১১গৰাকী সাক্ষীৰ সাক্ষ্য গোচৰটোৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। ইতিমধ্যে, আদালতত সম্পন্ন হৈছে প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া।
আনহাতে, বৃহস্পতিবাৰে আদালতত শ্যামকানু মহন্তৰ আবেদনৰ শুনানি অনুষ্ঠিত হ’ব। গোচৰটোৰ পৰা ৰেহাই বিচাৰি শ্যামকানু মহন্তই দাখিল কৰা আবেদনৰ ওপৰত আদালতে শুনানি গ্ৰহণ কৰিব।
কাইলৈৰ দিনটোতেই অমৃতপ্ৰভা আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰো শুনানি অনুষ্ঠিত হ’ব। ফলত কাইলৈৰ শুনানিক লৈ গোচৰটোৰ সৈতে জড়িত পক্ষসমূহৰ মাজত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। শ্যামকানুৰ ৰেহাইৰ আবেদন আৰু দুয়োজনৰ জামিন আবেদনৰ ওপৰত আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।
