আজি পুনৰ অসম- অৰুণাচল সীমান্তৰ লিকাবালিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থনৈতিক অৱৰোধক কেন্দ্ৰ কৰি প্ৰতিবাদ চলি থকাৰ মাজতে দুপৰীয়া পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
লিকাবালিত উত্তপ্ত পৰিস্থিতি। অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত ঘটনাৰ প্ৰতিবাদত TMPKই গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।লিকাবালিত TMPKৰ প্ৰতিবাদকাৰীলৈ অৰুণাচলীয়ে ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰে। সমান্তৰালভাৱে অৰুণাচলী আৰক্ষীয়েও চাৰিজাঁই গুলীচালনা কৰে।
শতাধিক অৰুণাচলী লোকে আক্ৰমণ চলাই প্ৰতিবাদকাৰীৰ ওপৰত। অৰুণাচলীৰ শিলাবৰ্ষণত আহত হয় কেইবাজনো TMPKৰ প্ৰতিবাদকাৰী।অৱৰোধ চলি থকাৰ মাজতে প্ৰতিবাদকাৰী আক্ৰমণৰ লক্ষ্য কৰি লয় অৰুণাচলীয়ে। ফলত উত্তাল হৈ পৰে লিকাবালিৰ প্ৰতিবাদস্থলী। ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া।
উল্লেখযোগ্য যে অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত অৰুণাচলীৰ গুলীচালনা-আক্ৰমণত আহত হৈছিল ১০জন অসমীয়া লোক। সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ পিছতে গুলীচালনাৰ তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মাটি যাতে এৰি দিবলগীয়া নহয়, তাৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।
