নগাঁও উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে AIUDFএ। শিৱসাগৰৰ পৰা নগাঁও লোকসভা উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে।নগাঁৱত AIUDFৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। প্ৰদ্যুৎ বৰদলৈয়ে BJPত যোগদান কৰি সাংসদ পদ এৰাৰ পিছতে খালী হৈ আছিল নগাঁও আসনখন।
বদৰুদ্দিন আজমলে AIUDFৰ দলীয় টিকট দিয়াৰ ঘোষণাক আদৰণি জনাই ৰেজাউল কৰিম সৰকাৰে। অৱশ্যে দলীয় সভাপতি বদৰুদ্দিন আজমলে এই বিষয়ে তেওঁক এতিয়ালৈকে ব্যক্তিগতভাৱে একো জনোৱা নাই বুলিও উল্লেখ কৰিছে ৰেজাউল কৰিম সৰকাৰে। নেতাগৰাকীয়ে কয়, “দলে যাকে টিকট দিয়ে, তাকেই আঁকোৱালি ল’ম।” দলীয় টিকট লাভ কৰিলে AIUDFৰ প্ৰাৰ্থীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব বুলিও তেওঁ দাবী কৰে।
ইফালে, কংগ্ৰেছক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰেজাউল কৰিম সৰকাৰে। তেওঁৰ মতে, বিগত নিৰ্বাচনত AIUDFএ কংগ্ৰেছৰ সহযোগিতা বিচাৰিছিল যদিও সেই সময়ত কংগ্ৰেছে AIUDFক সহযোগিতা কৰা নাছিল। দলীয় টিকট প্ৰদান কৰা হ’লে AIUDFৰ জয় নিশ্চিত বুলি দাবী কৰি আগন্তুক নিৰ্বাচনক লৈ দলটোৰ আত্মবিশ্বাস প্ৰকাশ কৰে নেতাগৰাকীয়ে।
এইবাৰ কংগ্ৰেছক AIUDFক সহযোগিতা কৰিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে কয় যে কংগ্ৰেছক সহায় কৰিলে আজি নিৰ্বাচনত জয়লাভ কৰি কাইলৈ বিজেপিত যোগদান কৰাৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে। এনে হ’লে ৰাইজে পুনৰ ভোটদানৰ শাৰীত থিয় হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে।
