ভাৰ্গৱ ৰাজবংশী ,ধূপধৰা,১৮ আগষ্ট: গোৱালপাৰা জিলাৰ ৰংজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো ১৬ আগষ্টত শোক দিৱস পালন কৰে। উল্লেখ্য বিগত ২০০৪ চনৰ স্বাধীনতা দিৱসৰ দিনাখন ধেমাজিত হোৱা বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ শিশু, নাগৰিকসকলৰ লগতে উগ্ৰপন্থীৰ হিংসাৰ বলি হোৱা সকলো লোকলৈ শ্ৰদ্ধা নিবেদন কৰি শোক দিৱস পালন কৰা হয়।
সেই হিচাপে সেই দিনা পুৱা ১০ বজাত ৰংজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰবীণ কুমাৰ ৰাভাই শোক দিৱস উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশনা অনুসাৰে ৰাষ্ট্ৰীয় পতাকা অৰ্ধঃনমিত কৰি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিচত নিহতসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় আৰু সন্ত্ৰাসবাদ তথা হিংসাৰ বিৰুদ্ধে শপত গ্ৰহণ কৰে। ৰংজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰবীণ কুমাৰ ৰাভাই পৰিচালনা কৰা শোক দিৱসত স্বাস্থ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু মনি দাস উপস্থিত থাকি শোক প্ৰকাশ কৰে।
