Friday, September 11, 2026
Homeঅসমযোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ

নিষিদ্ধ ড্ৰাগছে ভয়ঙ্কৰ ৰূপ লৈছে যোৰহাট এই ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি সংঘটিত হোৱা ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ যোৰহাটত। যোৰহাট নগৰৰ দহাবৰাত থকা গৌৰী এনক্লেভত ড্ৰাগছৰ পাৰ্টীৰ বাবে মৃত্যুক আঁকোৱালি ললে ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত ন পমুৱাৰ অন্বেষা শইকীয়া নামৰ যুৱতী গৰাকীয়ে। আৰক্ষীয়ে চলোৱা অনুসন্ধানত আৰু চি চি টি ভি ফটোত স্পষ্ট হৈ পৰিছে যে,শনি বাৰৰ নিশা ফ্লেট টোৰ পাৰ্কিং স্থানত অন্বেষা শইকীয়াক পেলাই ৰখা হৈছিল আৰু পিছত মুৰ্মুষ অৱস্থাত এখন ৰেপিড অ’ট লৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল।কিন্তু চিকিৎসকে যুবতী গৰাকী মৃত ঘোষণা কৰে। এই সমগ্ৰ ঘটানা অন্বেষাৰ পৰিয়ালৰ লোকে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি ইতিমধ্যে ৰৰৈয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে,
ন -পমুৱা গাঁৱৰ শেৱালি শইকীয়া ৰ কন্যা অন্বেষা শইকীয়া যোৱা ১৫ আগষ্টৰ বিয়লি ৪’৩০ মনালিছা নামৰ মহিলা গৰাকীৰ সৈতে যোৰহাট নগৰলৈ বজাৰ কৰিবলৈ আহিছিল। নিশা ৮ ,৩০ বজাত অন্বেষাৰ মাকে ফোন কৰাৰ তেওঁ ঘৰলৈ যাব ওলোৱা বুলি কয়। কিন্তু নিশা প্ৰায় ১১ বজাত খুচি নামৰ এগৰাকী যুৱতীয়ে অন্বেষা অসুস্থ হোৱাৰ বাবে মেডিকেল কলেজত ভৰ্তি কৰা বুলি ফোন যোগে পৰিয়ালক অৱগত কৰে। এই খবৰ পাই অন্বেষাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ যোৰহাট মেডিকেল কলেজলৈ আহি থকাৰ সময়তে পাপু নামৰ আন এজন যুবকে যুবতী গৰাকীক মৃত্যু হোৱা বুলি খবৰ দিয়ে।পৰিয়ালৰ লোক মেডিকেল কলেজত উপস্থিত হোৱাৰ পূৰ্বেই অন্বেষাক ভৰ্তি কৰোৱা যুৱক আৰু যুবতী কেইজনে পলায়নৰ চেষ্টা কৰে। যুৱক কেইজন পলাই যাবলৈ সক্ষম হয় যদিও এগৰাকী যুৱতীক মেডিকেল কলেজৰ নিৰাপত্তা ৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। পৰিয়ালৰ লোকে সন্দেহ কৰিছে কোনো অবৈধ ড্ৰাগছ অথবা অবৈধ কৰ্মৰ লগত জড়িত হৈ থাকিব পাৰে এই যুৱক যুৱতীৰ দলটো । যাৰ পৰিনতিতে অম্বেষা শইকীয়া নামৰ যুৱতী গৰাকী মৃত্যু হৈছে অথবা হত্যা কৰা হৈছে। যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে যুবতী গৰাকীক পৰিকল্পিত ভাবে হত্যা কৰা হৈছে বুলি উল্লেখ কৰি কয় যে,
চিকিৎসা মহাবিদ্যালয়ত অন্বেষাৰ মৃতদেহ প্ৰত্যক্ষ কৰা পিছত অন্বেষাৰ শৰীৰৰ নিম্নাংশ আৰু মুখ পিঠি বুকু সকলো স্থানতে আঘাতৰ চিন স্পষ্ট হৈ আছিল। অন্বেষাৰ ককায়েকে কয় যে অন্বেষাই পুৰ্বে নিচা জাতীয় সামগ্ৰী সেৱন কৰিছিল আৰু দুবছৰ পূৰ্বে তেওঁক নিচামুক্তি কেন্দ্ৰৰ পৰা অনাৰ পিছৰে পৰা সাধাৰণ জীৱন যাপন কৰি আছিল । কিন্তু হঠাৎ এক বৃহৎ চক্ৰ ড্ৰাগছৰ লগত জড়িত হৈ থকাৰ তথ্য ফাদিল হোৱাৰ ভয়ত অন্বেষাক এনেদৰে হত্যা কৰা হ’ল বুলি চাঞ্চল্যকৰ মন্তব্য কৰে । এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে মনালিছা,খুচি আৰু অৰ্পিতা নামৰ তিনি গৰাকী গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

গৌৰী এনক্লেভৰ সন্দৰ্ভত কি কয় আবাসীয়ে:

এই ভয়ংকৰ ঘটনা মূল অভিযুক্ত আৰিয়ান আৰু মাতৃ ঝৰ্ণা গোস্বামীয়ে ভাৰাত লৈছিল দহাবৰা চুকত গৌৰী গৌৰী এনক্লেভৰ বি ২ কোঠা। কিন্তু অধিকাংশ সময় ইয়াত নাথাকে আৰিয়ানৰ মাতৃ ঝৰ্ণা গোস্বামী। কিন্তু আৰিয়ান আহিলেই ফ্লেট টোৰ নিদিষ্ট কোঠাটোত সুৰাৰ পাৰ্টি চলাৰ লগতে বিভিন্ন অচিনাক্ত যুৱতীৰ আড্ডা চলে। ইয়াকে লৈ ফ্লেটৰ চচাইটিৰ বিভিন্ন সময়ত ৰোষত পৰিছিল আৰিয়ান।শেহতীয়াকৈ যোৱা ৮ জুলাইৰ পৰা পুনৰ বি ২ আছিল আৰিয়ান। আবাসীয়ে জনোৱা মতে শনিবাৰে নিশা ও কোঠাটোত পাৰ্টি চলিছিল।সেৱন কৰিছিল ড্ৰাগছ। বিভিন্ন সময়ত ফ্লেটটোৰ সেই নিদিষ্ট কোঠালৈ আহিছিল ভুৱা নাম ঠিকনা দি বহু অচিনাকি যুৱক যুৱতী। ইয়াৰ পূৰ্বেও আৰিয়ানে এই ফ্লেট টোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।বিভিন্ন যুৱক যুৱতী আনি এক অ স্বাভাৱিক পৰিবেশৰ সৃষ্টি কৰিছিল।কেতিয়াবা গেট ভাঙিবলৈ লৈছিল। তাত সন্ত্ৰাসত গেটৰ ৱালত ভঙা গ্লাছ দিব লগা হৈছিল।

যোৰহাট সদৰ থানত হাজিৰ ঝৰ্ণা গোস্বামী:

গৌৰী এনক্লেভৰ বি ২ কোঠাটোত যোৱা ১৫ আগষ্টৰ নিশা সংঘটিত হৈছিল ভয়ঙ্কৰ ঘটনা। মূৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল অন্বেষা শইকীয়া নামৰ ১৮ বছৰীয়া যুৱতী গৰাকীক। এই কোঠাটো ভাৰাত লৈছিল ঝৰ্ণা গোস্বামী নামৰ মহিলা গৰাকীয়ে। কিন্তু মহিলা গৰাকী প্ৰায়ে নথকাৰ সুযোগ লৈ এই ফ্লেটটো
তেওঁৰ পুত্ৰ আৰিয়ান গোস্বামী য়ে এই কাণ্ড সংঘটিত কৰাৰ পিছত আজি মাতৃ ঝৰ্ণা গোস্বামীয়ে বিয়লি যোৰহাট সদৰ থানত উপস্থিত হৈ আৰক্ষীক ভাষ্য প্ৰদান কৰে।

গৌৰী এনক্লেভৰ বি ২ কোঠাত আছিল ১০ গৰাকী যুৱক যুৱতী:

যোৱা ১৫ আগষ্টত নিশা যোৰহাটত দহাবৰাত থকা গৌৰী এনক্লেভৰ বি ২ কোঠাত আছিল ১০ গৰাকী যুৱক যুৱতী। ফ্লেটৰ ৰেজিষ্টাৰ বহীত ১০ গৰাকীৰ নাম উল্লেখ আছে। ইয়াত ভিতৰত আছে অৰ্পিতা কাকতি,অমৃত চাহু,প্ৰীয়ানুজ বৰা,খুচি দত্ত,কৌশিক দাস , বিতু বৰা আৰু আৰিয়ান গোস্বামীকে ধৰি কেইবাজনো।

তিনি যুবতীক আটক:

অন্বেষা শইকীয়াৰ ৰহস্য জনক মৃত্যুৰ ঘটনাৰ লগত জৰিত থকাৰ সন্দেহত তিনি যুৱতীক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে আটক কৰা তিনি যুবতী হৈছে মনালিছা, অৰ্পিতা আৰু খুচি। সম্প্ৰতি তিনি যুৱতীক আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments