মঙলবাৰ নিশাৰ এজাক বৰষুণৰ পিছতে গুৱাহাটীৰ ভিন্নপ্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। বিগত কিছুদিন ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত মুষলধাৰে বৰষুণ হৈ আছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে।
কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে।
কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই বিজুলী আৰু ঢেৰেকনি অহাৰ সম্ভাৱনা জাৰি কৰিছে।
মৰিগাঁও, নগাঁও, কাছাৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ জিলাত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে।ডিমা হাচাও, দক্ষিণ শালামাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, বজালী, বাক্সা, নলবাৰী আৰু তামুলপুৰ জিলাত বতৰ বিজ্ঞা কেন্দ্ৰই কোনোধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই।
