Friday, September 11, 2026
Homeঅসম৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ গুণোৎসৱ

৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ গুণোৎসৱ

সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ ২০২৭ অৰ্থাৎ সপ্তম পৰ্যায়ৰ দিন ঘোষণা কৰা হৈছে।

এইবাৰৰ গুণোৎসৱত অসমৰ মুঠ ৩৫খন জিলা সামৰি লোৱা হৈছে। তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব এইবাৰৰ গুণোৎসৱ।
প্ৰথম পৰ্যায়: ৬ জানুৱাৰীত আত্ম-মূল্যায়ন আৰু ৭, ৮ আৰু ৯ জানুৱাৰীত বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৩খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ (মহানগৰ), কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, গোলাঘাট, দক্ষিণ শালমাৰা-মানকাচৰ, ওদালগুৰি, যোৰহাট আৰু কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়: ১৯ জানুৱাৰীত আত্ম-মূল্যায়ন আৰু ২০, ২১ আৰু ২২ জানুৱাৰীত বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ’ব। ৰাজ্যৰ ১২খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধুবুৰী, হাইলাকান্দি, হোজাই, কামৰূপ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব।
তীয় পৰ্যায়: ২ ফেব্ৰুৱাৰীত আত্ম-মূল্যায়ন আৰু ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত বঙাইগাঁও, ধেমাজি, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও আৰু মাজুলী জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত ৰাজ্যৰ ১০খন জিলা অনুষ্ঠিত হ’ব।
নিৰ্দেশনা অনুসৰি বজালীৰ গুণোৎসৱ বৰপেটা জিলাই আৰু তামুলপুৰৰ গুণোৎসৱ বাক্সা জিলাই অনুষ্ঠিত কৰিব। সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালক আয়ুষ গাৰ্গে এই নিৰ্দেশনা জাৰি কৰিছে। গুণোৎসৱৰ বাবে চেল, সমিতি আদি গঠনকে ধৰি সকলো প্ৰস্তুতি শীঘ্ৰে আৰম্ভ কৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments