Friday, September 11, 2026
Homeঅসমৰাজপথত বাগৰি কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ

ৰাজপথত বাগৰি কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ

যোৰাবাটত দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ। ৰাজপথত বাগৰি কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত।

প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে মেঘালয়লৈ অহা-যোৱা কৰা পথ। ৰাষ্ট্ৰীয় ঘাইপথতো বাহনৰ চলাচল বন্ধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। মেঘালয়ৰ উচ্চপদস্থ বিষয়া আহি ক্ষমা নোখোজালৈকে অব্যাহত থাকিব প্ৰতিবাদ।

লগতে শ্বিলঙত প্ৰতিবাদকাৰীয়ে ক্ষতিগ্ৰস্ত কৰা বাহনৰ ক্ষতিপূৰণ নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে।প্ৰতিবাদী চালকে বন্ধ কৰিলে মেঘালয়ৰ মূল প্ৰৱেশদ্বাৰ। মেঘালয়লত প্ৰৱেশ কৰিব বিচৰা সকলো বাহনক প্ৰৱেশত বাধা। বাহনৰ পৰা নমাই দিয়া হৈছে পৰ্যটকসকলক।

পূব খাচি হিলছত BNSSৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। খাচি ছাত্ৰ সন্থাৰ প্ৰতিবাদী ৰেলীৰ প্ৰাকক্ষণত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি পূব খাচি হিলছত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা KSUৰ। শ্বিলঙত KSUৰ প্ৰতিবাদী ৰেলীৰ মাজতে সংঘটিত হৈছিল হিংসাত্মক ঘটনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments