ওদালগুৰিৰ নোনাইপাৰা চাহ বাগিছাত অঘটন ।
বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এহাল দম্পতী , সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ।
ইফালে একেনিশাই ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত কেইবাটাও পৰিয়াল গৃহহাৰা , কথমপি প্ৰাণ ৰক্ষা ।
দৈনিক বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভূটান সীমান্তৰ অঞ্চলবাসীয়ে, কেতিয়া অন্ত পৰিব হাতী-মানুহৰ সংঘাত ?
_______
বিগত কেইবামাহো ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে বন্যহস্তীয়ে । ডিমাকুছি , বামুনজুলি, নোনাইপাৰা , বাদলাপাৰা, টেংকিস্তী , ৰাজগড় , নালাপাৰা , আটাৰীখাটকে ধৰি বিভিন্ন অঞ্চলত প্ৰতি দিনে ঘৰ-দুৱাৰ ভাঙি চুড়মাৰ কৰাৰ উপৰিও বিঘাই-বিঘাই ধান খেতি নষ্ট কৰি অহাৰ সময়তে পুনৰ ওদালগুৰিৰ ভূটান সীমান্তৱৰ্তী নোনাইপাৰা চাহ বাগিছাত বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এহাল দম্পতী চাহ শ্ৰমিক । বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে নিবেদন বাগ আৰু পত্নী জমুনা বাগ । ওদালগুৰিৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি বন্যহস্তীৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি অহাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । ওদালগুৰিৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত প্ৰতিদিনে হাতী-মানুহৰ সংঘাতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছতো কিন্তু গা নলৰে ৰজাঘৰীয়াৰ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকৰ সন্ত্ৰাসত স্থানীয় ৰাইজ আতংকিত হৈ পৰা পৰিছে । খাদ্যৰ সন্ধানত জনাঞ্চলত সোমাই অহা বন্যহস্তীৰ আক্ৰমণত চলিত বৰ্ষতে বছৰতে ১৫ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাটাও বন্যহস্তীৰো ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে । কিন্তু বন্যহস্তী-মানুহৰ সংঘাত ৰোধত সম্পূৰ্ণৰুপে ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বনবিভাগ । বৃহস্পতিবাৰে পুৱতি নিশা ওদালগুৰিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বামুনজুলি চাহ বাগিছাত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বুধবাৰে নিশা নোনাই পাৰা চাহ বাগিছাত এহাল দম্পতী বন্যহস্তীৰ আক্ৰমণত আহত হোৱাৰ বিপৰীতে দুচকীয়া বাহন আৰু থকা ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰে । বামুনজুলি চাহ বাগিচাৰ যোগেন কন্ধ , নবিনশ্বন সোণা, সমৰ সিং মুণ্ডা নামৰ ব্যক্তিকেইজনৰ ঘৰ সম্পূৰ্ণৰূপে টচনচ কৰি পেলায় বন্যহস্তীয়ে , আনহাতে নালাপাৰা আৰু ধৰমজুলিতো বন্যহস্তীৰ জাকে চলাই তাণ্ডৱ । বন্যহস্তীৰ বৃহৎ জাকৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়ালৰ । ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত আহত হোৱা দম্পতী হাল সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । ইফালে আদিবাসী আৰ্মীৰ সভাপতি সুমিত নায়ক আৰু স্থানীয় ৰাইজৰ অভিযোগ আছে গৰু নাবাই হালৰ দৰে বিপিএফ বিজেপি মৃতযোজিত চৰকাৰ নথকাই ভাল বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে সামাজিক মাধ্যমত ৰীল বনাই ভাইৰেল হৈ থকা ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ পল ট’প্প এতিয়া নিৰুদ্দেশ হৈ আছে, নিৰ্বাচনৰ সময়ত আদিবাসী ৰাইজৰ ভোট বিচাৰি ঘূৰি ফুৰা আদিবাসী জনগোষ্ঠীৰ জনপ্ৰতিনিধি হৈয়ো বৰ্তমানেও আহৰি পোৱা নাই কোনো ধৰণৰ খা-খৱৰ ল’বলৈ বিপদৰ সময়ত থিয় দিবলৈ । ইফালে বনবিভাগৰ ওপৰতো তীব্ৰ ক্ষোভ ভুক্তভোগী ৰাইজৰ । বন্যহস্তীৰ আক্ৰমণত আহত দম্পতী আৰু বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালকেইটাক সহায় কৰিবলৈ আহ্বান বনমন্ত্ৰী কিম্বা বিটিচি চৰকাৰ আৰু ৰাজ্য চৰকাৰক ।
